নলবাৰী: হঠাত নলবাৰীত আজি বিজেপি নেতা-কৰ্মীৰ মাজতে সৃষ্টি হ'ল হতাহতিৰ ঘটনা । লগে-ভাগে এসাজ খোৱাৰ উদ্দেশ্য নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্টত আজি বিজেপি টাউন মণ্ডলে আয়োজন কৰিছিল প্ৰীতি ভোজ তথা বনভোজৰ । কিন্তু বনভোজৰ মাজতে হঠাৎ দিনৰ ভাগত বিজেপিৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড অৰিয়া-অৰিৰ ।
এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হয় নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্টত । ইতিমধ্যে এই ঘটনাকলৈ নলবাৰী জিলা বিজেপিৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । কিন্ত কিহৰ বাবে দলটোৰ মাজতেই এনেদৰে বনভোজ খোৱাৰ পূৰ্বে লাগিল হতাহতি সেয়া এই মূহুৰ্তলৈ জানিব পৰা হোৱা নাই ৷
উল্লেখযোগ্য যে, নলবাৰী বিজেপিত পূৰ্বে যদিও এনেকুৱা ঘটনা দেখিবলৈ পোৱা নাছিল, আজিৰ এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । বহুতৰে মনত একপ্ৰকাৰ প্ৰশ্ন উদয় হৈছে । শাসক পক্ষত থকা বাবে বিজেপি নেতা-কৰ্মীৰৰ এনে আচৰণ নেকি ?
দলৰ ভিতৰচ’ৰাতেই যদি এনেকুৱা হৈ ইজনে সিজনৰ সৈতে তুমুল যুদ্ধত নামে ৰাইজৰ কি দশা হ’ব আগন্তক সময়ত । এই ঘটনাৰ দৃশ্যসমূহ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাত বহুতৰ মাজতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ইপিনে উক্ত ঘটনাৰ সকলো দৃশ্য বন্দী কৰি থকা সময়তে নলবাৰীৰ এটা স্থানীয় প’ৰ্টেলৰ সংবাদদাতাৰ ম’বাইল ফোন কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন হৈছিল একাংশ দলীয় কৰ্মীৰ বিৰুদ্ধে ৷
সংবাদদাতা গৰাকীৰ ম’বাইল ফোনটো কাঢ়ি নি ভিডিঅ' ফুটেজবোৰ ডিলিট কৰি আকৌ সংবাদদাতাজনক ফোনটো ওভোতাই দিয়ে বুলি জানিব পৰা হৈছে ৷ মুঠৰ ওপৰত বিজেপি নলবাৰীৰ এনে কাণ্ডই এতিয়া সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ