মাজুলী : যোৱা সোমবাৰে কেইজনমান যুৱকে মাজুলীৰ অফলামুখঘাটৰ সমীপত পুৰণা বেচামৰাৰ ৩ নম্বৰ শৈল্যস্পাৰত বনভোজ খাবলৈ গৈছিল । এই যুৱককেইজনে আনন্দ মনেৰেই গৈছিল বিগত বছৰৰ বিদায়ী বেলাত । সকলো ঠিকেই আছিল । এই যুৱককেইজনে একেলগে ভাওনা কৰা বাবে সকলোৰে মাজত পৰিচিত । এই পৰিচিত যুৱককেইজনৰ মাজৰে পৰাই হঠাতে ৰহস্য়জনকভাৱে সন্ধানহীন হয় পিংকু হাজৰিকা ।
সন্ধানহীন হোৱাৰ বিষয়ে পলমকৈ অৱগত কৰিছিল বন্ধুৱে :
যুৱককেইজনে পিংকু হাজৰিকাৰ পৰিয়ালক সন্ধানহীন হোৱাৰ বিষয়ে পলমকৈ অৱগত কৰে । তেতিয়াৰে পৰাই পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে । তেতিয়াৰে পৰা সন্ধান নাই যুৱকজনৰ । ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফে অভিযানো চলায় । বুঢ়া লুইতক প্ৰাৰ্থনাও জনালে ৰাইজে । কিন্তু কোনো সন্ধান নোলাল । পিংকু ঘৰলৈ উভতি আহিব বুলি সকলোৱে আশা কৰিছিল । কিন্তু দেওবাৰে সাত দিনৰ মূৰত উদ্ধাৰ হ'ল পিংকুৰ মৃতদেহ ।
কোনে উদ্ধাৰ কৰিলে মৃতদেহ ?
আজি সাত দিনৰ মূৰত উদ্ধাৰ সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ নিখোজ হোৱা পিংকু হাজৰিকাৰ মৃতদেহ । নিখোজ হোৱা স্থানৰ পৰা প্রায় দুই কিলো মিটাৰ আঁতৰত দক্ষিণপাট ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত পিংকু হাজৰিকাৰ মৃতদেহ এছ ডি আৰ এফে উদ্ধাৰ কৰে । উদ্ধাৰকাৰী দলটোৱে মোবাইল ফোন আৰু হেডফোনো মৃতদেহটোৰ পৰা উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । কিন্তু কি পৰিস্থিতিত কেনেকৈ যুৱকজন সন্ধানহীন হৈছিল সেই বিষয়ে বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য় লাভ কৰা নাই । ভাওনা শিল্পীজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে গাঁওখনত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ ।