Meri Maati Mera Desh event in Duliajan : দুলীয়াজানৰ চিৰিংখাট গাঁৱত কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ মোৰ মাটি, মোৰ দেশ কাৰ্যসূচী

By

Published : Aug 18, 2023, 9:48 PM IST

thumbnail

ডিব্ৰুগড়, 18 আগষ্ট : দুলীয়াজানত 68নং কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ উদ্যোগত মোৰ মাটি, মোৰ দেশ কাৰ্যসূচী ৰূপায়ণ ৷ দেশৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ শ্বহীদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেনা, অৰ্ধ-সামৰিক বাহিনী বা আৰক্ষীৰ বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচী ৷

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুলীয়াজানৰ চিৰিংখাট গাঁৱত গছ পুলি ৰোপণ কৰে দুলীয়াজানৰ 68 নং কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ জোৱান সকলে ৷ এই কাৰ্যসূচীত দুলীয়াজান গাওঁ পঞ্চায়তৰ সভাপতি, বিভিন্ন প্ৰান্তৰ গাঁও প্ৰধানৰ লগতে চিৰিংখাট বাসী ৰাইজে সহযোগ আগবঢ়ায়  ৷ ৯ আগষ্টৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী ৩০ আগষ্টলৈ ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ DSP জ্যোতি কুমাৰ বৰ্মাই ৷

লগতে পঢ়ক : Durand Cup 2023: ঐতিহাসিক ডুৰাণ্ড কাপত অনাহুত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.