Road accident at Shraddhanjali Flyover: শ্ৰদ্ধাঞ্জলি উৰণ সেতুত প্ৰথমটো দুৰ্ঘটনা; গৃহৰক্ষী জোৱানসহ আহত এজন - শ্ৰদ্ধাঞ্জলি উৰণ সেতু
🎬 Watch Now: Feature Video
Published : Oct 21, 2023, 11:28 AM IST
|Updated : Oct 21, 2023, 12:05 PM IST
গুৱাহাটী, 21 অক্টোবৰ : অলপতে মুকলি হোৱা মহানগৰীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত সংঘটিত হয় এক অঘটন ৷ শনিবাৰে পুৱতি নিশা শ্ৰদ্ধাঞ্জলি উৰণ সেতুত সংঘটিত প্ৰথমটো পথ দুৰ্ঘটনা ৷ তথ্য অনুসৰি, AS 01 FP 3591 XUV 700 তীব্ৰবেগী এখন বাহনখনে মহতিয়াই নিয়ে গীতানগৰ সংযোগী পথৰ এটা অংশ ৷ ফলত বিস্তৰ ক্ষতি হয় উৰণ সেতুখনত অসমৰ মানচিত্ৰ থকা স্মাৰকটো । পথ দুৰ্ঘটনাটোৰ ফলত ওফৰি পৰে স্মাৰকটোৰ ৰেলিঙসমূহো ।
ইফালে এই দুৰ্ঘটনাত বাহনখনৰ আগফালৰ লগতে পিচৰ অংশটো চুচূমাৰ হৈ পৰে । জানিব পৰা মতে, চান্দমাৰী দিশৰ পৰা গনেশগুৰিৰ দিশলৈ তীব্ৰবেগেৰে আহি আছিল বাহনখন ৷ বাহনখনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন গৃহৰক্ষী জোৱানৰ উপৰিও এজন ব্যক্তি । পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুয়োকে ততাতৈয়াকৈ GMCH ত ভৰ্তি কৰোৱা হয় ।
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, বাহনখনৰ চালকজন সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল । ইতিমধ্যে ঘটনাস্থলীৰ পৰাই যান বাহন আৰক্ষীয়ে আটক কৰে সুৰামত্ত চালকজনক । লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে এটা মদৰ বটল । লগতে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ।
সকলোৰে জ্ঞাত যে, বহু প্ৰত্যাশাৰ অন্তত নৱৰাত্ৰিৰ পঞ্চমী দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন ৷ উদ্বোধনৰ মাত্ৰ দুটা দিনৰ পাচতে এই উৰণ সেতুখন দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷
লগতে পঢ়ক : Shraddhanjali Flyover : বহু প্ৰত্যাশিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ