লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল বাগৰা ৰাজনীতি; লাহোৱালত বিজেপিত যোগদান অৰ্ধশতাধিকৰ - oppositions leaders joined BJP in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:01 PM IST

মৰাণ, ২০ নৱেম্বৰ : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দল বিজেপিৰ সমান্তৰালভাৱে বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা । বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চ গঠন হোৱাত অধিক তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ কাম-কাজ । ইয়াৰ মাজতে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ডিব্ৰুগড়ত আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি ।

লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপৰ উপস্থিতিত সোমবাৰে লাহোৱালত কংগ্ৰেছ, আপ, ৰাইজৰ দল আৰু এজেপিৰ কেইবাজনো জিলা পৰ্যায়ৰ নেতাৰ নেতৃত্বত অৰ্ধশতাধিক কৰ্মী-সমৰ্থকে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে । বিৰোধী ঐক্যমঞ্চ ত্যাগ কৰি বিজেপিত যোগদান কৰাসকলৰ ভিতৰত আছে আম আদমী পাৰ্টীৰ জিলা সমন্বয়ক, সহ-সম্পাদককে ধৰি কেইবাজনো জিলা পৰ্যায়ৰ নেতা ।

এটা সময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত লাহোৱাল সমষ্টিৰ কংগ্ৰেছ আৰু আপৰ নেতা-কৰ্মীৰ বিজেপিত যোগদানে দলটোক শক্তিশালী কৰিব বুলি কয় বিধায়ক বিনোদ হাজৰিকাই ।

লগতে পঢ়ক :২৮ দিনৰ পিছতো দোষীয়ে নাপালে শাস্তি: মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়াআঙুলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.