Jorhat fire incident:যোৰহাটত পুনৰ বিধ্বসী অগ্নিকাণ্ড, ভস্মীভূত তিনিখনকৈ প্ৰতিষ্ঠান

By

Published : Jun 28, 2023, 5:58 PM IST

thumbnail

যোৰহাট, ২৮ জুন : যোৰহাট নগৰৰ মাজমজিয়াত আজি দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জুইত জাহ যোৱাৰ লগতে আন দুখন দোকানৰ কিছু পৰিমাণে ক্ষতিসাধন হয় । জানিব পৰা মতে, আজি দিনৰ ভাগত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যোৰহাটৰ মাজমজিয়াৰ তৰাজানত । তৰাজান দলঙৰ সমীপৰ তৃষ্ণা ৰেষ্টুৰেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ড ।

বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত তৃষ্ণা ৰেষ্টুৰেণ্টৰ দুটা চিলিণ্ডাৰ বিস্ফোৰিত হয় । আনহাতে অগ্নিৰ প্ৰকোপ তৎক্ষণাত ইমানেই বৃদ্ধি পাই যে, জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে তৃষ্ণা ৰেষ্টুৰেণ্টৰ কাষৰ এখন ষ্টেচনাৰী দোকান আৰু এখন মাংসৰ দোকান । লগে লগে দুয়োখন দোকানৰ সামগ্ৰী ভস্মীভূত হয় জুইত । কাষতে থকা জিঅ’ ডিজিটেলৰ কাৰ্যালয় আৰু গ্ৰাফিক্স মেডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈয়ো জুই সম্প্ৰসাৰিত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই অধিক সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা কৰে ।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় দুঘণ্টা জোৰা তৎপৰতাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । অগ্নিকাণ্ড সংঘটিত হোৱা স্থানতে আবাসিক অঞ্চল আছিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই আবাসিক অঞ্চললৈ সম্প্ৰসাৰণ হ’বলৈ নাপালে । আনহাতে অগ্নিকাণ্ডৰ ঘটনাৰ পাচত ব্যাপক যান-জঁটৰ সৃষ্টি হয় যোৰহাট নগৰত আৰু প্ৰায় তিনি ঘণ্টা ধৰি এ টি ৰোডত যান বাহনৰ চলাচল ব্যাহত হৈ পৰে  ।

লগতে পঢ়ক : Price Hike in Jorhat Market: যোৰহাটৰ শাক-পাচলিৰ বজাৰত জুই; অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.