Fire incident in Tinsukia: তিনিচুকীয়াত ভয়াৱহ অগ্নিকাণ্ড - তিনিচুকীয়াত ভয়াৱহ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৯ মাৰ্চ: মঙলবাৰে নিশা তিনিচুকীয়াৰ শুকানপুখুৰীৰ সমীপৰ লোহাৰীকছাৰী গাঁৱত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ এই ভয়াৱহ অগ্নিকাণ্ডত জাহ গ'ল কেইবাটাও বাসগৃহ (Massive fire breaks out in Tinsukia) ৷
অগ্নিকাণ্ডটোত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে অধিক ভয়াৱহ ৰূপ লয় বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷ বাবুল খান নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ ভাড়াঘৰ ভস্মীভূত হয় (Fire incident in Tinsukia) ৷
অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয় ৷ আনহাতে অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়াৰ পাছতো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী অগ্নিকাণ্ডস্থলীত যথেষ্ট পলমকৈ উপস্থিত হয় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহসহ ভাড়াঘৰ চাৰিটা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ কাৰণে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও অৱশ্যে তিনিচুকীয়াৰ ৰাজপথত সৃষ্টি হোৱা যানযঁটৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷
আনহাতে অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত নিশাই তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷