ভাৰতৰ বিজয় কামনাৰে সৰুপথাৰত সামূহিক দোৱা - Cricket World Cup 2023
🎬 Watch Now: Feature Video


Published : Nov 19, 2023, 2:26 PM IST
সৰুপথাৰ, ১৯ নৱেম্বৰ : ক্ৰিকেট জ্বৰত আক্ৰান্ত সমগ্ৰ ভাৰত ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰিলক্ষিত হৈছে বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনা । ভাৰতৰ বিজয় কামনাৰে সৰুপথাৰত সামূহিক দোৱা । ভাৰতীয় দলৰ জয়ৰ কামনাৰে দেশবাসীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পূজা অৰ্চনা । তাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰৰ বজালবাৰী মাদ্ৰাছাত ভাৰতীয় দলৰ জয়ৰ কামনাৰে সমূহীয়া দোৱাত অংশ হৈছে বজালবাৰী গাঁৱৰ ৰাইজ ।
উল্লেখযোগ্য যে, দেওবাৰ অৰ্থাৎ আজি দুপৰীয়া 2 বজাত অনুষ্ঠিত হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত মেচখন । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এই চূড়ান্ত খেলখনৰ বাবে ঠায়ে ঠায়ে ৰাজ্য চৰকাৰৰ উদ্যোগত সমূহীয়া টিভি স্ক্ৰীণিং কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক:ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত মাদ্ৰাছা প্ৰাংগন