Manikpur Sub District Demand : দাবী পূৰণ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ
🎬 Watch Now: Feature Video
মাণিকপুৰ, 14 অক্টোবৰ: মাণিকপুৰক উপ-জিলা দাবী সমিতিয়ে শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল যোগে সমিতিয়ে তেওঁলোকৰ বিভিন্ন আন্দোলনৰ কাৰ্যসূচীত সহায়-সহযোগিতা আগবঢ়াই অহা মাণিকপুৰবাসীক অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰোপৰি আগন্তুক দিনত হ’বলগীয়া আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণৰো আহ্বান জনায় ৷ উল্লেখ্য যে, ১৩ অক্টোবৰত উপ-জিলা দাবী সমিতিয়ে মাণিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰে যদিও গেৰুকাবাৰী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা-প্ৰশাসনে বাধা প্ৰদান কৰাত পদযাত্ৰা আধাতে সামৰণি পৰে ৷ তথাপি জিলা আয়ুক্তই পাঁচগৰাকী প্ৰতিনিধি নিৰ্বাচন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সাক্ষাতৰ ব্যৱস্থা কৰি দিয়ে । মন্ত্ৰীৰ লগত উপ-জিলা দাবী সমিতিৰ পত্যক্ষ আলোচনাত মাণিকপুৰক উপ-জিলা ঘোষনা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ বাবে ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক: AASA Protest at Kokrajhar: কোকৰাঝাৰ দালোৱাবাৰী চাহ বাগিচাত মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ