ETV Bharat / state

৭১% লোকে পি এম কিষাণ লোন লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে : প্ৰদান বৰুৱা - ATMANIRBHAR DHEMAJI

১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা আত্মনিৰ্ভৰ ধেমাজিৰ লক্ষ্য দুটা । সৱিশেষ জনালে সাংসদ প্ৰদান বৰুৱাই ।

MP Pradan Barua mentions the goal of Atmanirbhar Dhemaji 2025
আত্মনিৰ্ভৰ ধেমাজিৰ লক্ষ্য দুটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 2:00 PM IST

ধেমাজি: দুটাকৈ গুৰুত্বপূৰ্ণ লক্ষ্যৰে ১০ জানুৱাৰীৰ পৰা ১২জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে ‘‘আত্মনিৰ্ভৰ ধেমাজি -২০২৫’’ । দুটাকৈ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই আত্মনিৰ্ভৰ ধেমাজি । কৃষক ৰাইজৰ উন্নয়নৰ বাবে বৈজ্ঞানিকভাৱে উৎপাদন প্ৰক্ৰিয়াৰ লগতে প্ৰতিযোগিতামূলক বজাৰখনত তিষ্টি থাকিবলৈ গুণগত মানবিশিষ্ট কৃষিজাত সামগ্ৰী তথা মূল্য সংযোজনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ‘‘আত্মনিৰ্ভৰ ধেমাজি’’ৰ আয়োজন কৰা হৈছে ।

আত্মনিৰ্ভৰ ধেমাজি ২০২৫ উদ্বোধন কৰি সাংসদ প্ৰদান বৰুৱাই কয়, "আত্মনিৰ্ভৰ ধেমাজিৰ লক্ষ্য দুটা । এটা হ'ল আমাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহক বজাৰ প্ৰদান কৰা । দ্বিতীয়টো লক্ষ্য হৈছে তেওঁলোকক প্ৰযুক্তি প্ৰদান কৰা । কাৰণ টেকন'লজী সদায় পৰিৱৰ্তন হৈ আছে আৰু সেইকাৰণে বহুত চেমিনাৰ ৰাখিছে । যাতে কৃষকসকলক সেই বিষয়বোৰ অৱগত কৰিব পাৰে ।"

আত্মনিৰ্ভৰ ধেমাজিৰ লক্ষ্য দুটা (ETV Bharat Assam)

তেওঁ লগতে কয়, "মই প্ৰশাসন স্থানীয় বিধায়কক ধন্যবাদ জনাইছো, তেওঁলোকে বহুত প্ৰচেষ্টা লৈছে । ইয়াৰোপৰি এইবাৰ আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও পদক্ষেপ লৈছে । বিশেষকৈ বড়োধানৰ খেতিকে আদি কৰি বহু পদক্ষেপ লৈছে । আটাইতকৈ ভাল খবৰ যে ৭১% লোকে পি এম কিষাণ লোন লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে । তেওঁলোকে লোন পাবই । কিবা কাৰণত নাপালে আমাক জনালেই হ'ল । আমাৰ কৃষি বিভাগত বহুকেইজন বিজ্ঞানী আছে । আমি তেওঁলোককো কৃষকৰ মাজতে ৰাখিব বিচাৰো ।"

ইয়াৰোপৰি সাংসদ বৰুৱাই কয়," মই এটাই আহ্বান জনাম যে ধেমাজি জিলাৰ সকলো মানুহেই আহক আত্মনিৰ্ভৰ ধেমাজি মেলালৈ । ইয়াত কৃষকসকলে বা ক্ষুদ্ৰ উদ্যোগীসকলে যিসমূহ সামগ্ৰী আনিছে তেওঁলোকে ক্ৰয় কৰক আৰু তেখেতসকলক উপকৃত কৰক এদিন আপুনিও উপকৃত হ'ব ।"

লগতে পঢ়ক: আইচেং; ঘৰুৱা ফলমূলৰ পৰা তৈয়াৰী স্বাস্থ্যকাৰক ৱাইন - WINE MADE FROM FRUITS

দেশী-বিদেশী পৰ্যটক, ৰাষ্ট্ৰদূতৰ উপস্থিতিত সামৰণি পৰিল ঐতিহাসিক চৰাইদেউ মহোৎসৱ - CHARAIDEO FESTIVAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.