ETV Bharat / state

ভোগালীৰ ভোগৰ বাবে গাখীৰ-দৈ সাজু কৰিছে লেচিয়াৰ ম'হপালকে - MAGH BIHU 2025

লেচিয়া নদীৰ পাৰে পাৰে আছে ৮-৯ টাকৈ ম'হঁখুটি ৷ প্ৰচণ্ড শীতকো নেওচি বিহুৰ বাবে পুৱাই ব্যস্ত হৈ পৰিছে ম'হপালকসকল ৷

Magh Bihu Preparation
ভোগালীৰ ভোগৰ বাবে গাখীৰ-দৈ সাজু কৰিছে লেচিয়াৰ ম'হপালকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 4:13 PM IST

ধেমাজি : ভোগৰ উৎসৱ ভোগালীক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি দেখা গৈছে । ঘৰে-ঘৰে দেখা গৈছে খাদ্য সম্ভাৰৰ পয়োভৰ । ভিন্ন প্ৰকাৰৰ লাড়ু, পিঠা, চিৰা আদি যোগাৰ কৰিছে সকলোৱে । অন্যান্য খাদ্য সামগ্ৰীৰ সমান্তৰালকৈ গাখীৰ অবিহনে যেন অসম্পূৰ্ণ হে্ঁপাহৰ বিহুটি । বিশেষকৈ ভোগৰ উৎসৱ ভোগালী বিহু উদযাপনৰ বাবে অসমীয়াৰ ঘৰে-ঘৰে অলপ হ'লেও গাখীৰ অতিকৈ প্ৰয়োজন ৷ চিৰা, সান্দহ, কোমল চাউলৰ জলপানৰ সৈতে এঠা দৈ বহুতৰে প্ৰিয় ৷ যাৰ বাবে পৰিয়ালৰ লগতে অতিথিকো আপ্যায়নৰ বাবে সকলোৱে গাখীৰ, দৈ, ক্ৰীম আদি বিচাৰি বজাৰত ভিৰ কৰিছে । একে পৰিৱেশ দেখা গৈছে গৰু আৰু ম'হখুঁটিৰ লগতে গোৱালৰ ঘৰতো ৷

ম'হখুঁটিত ব্যস্ততা

Magh Bihu Preparation
ভোগালীৰ ভোগৰ বাবে গাখীৰ-দৈ সাজু কৰিছে লেচিয়াৰ ম'হপালকে (ETV Bharat Assam)

ধেমাজি ম'হৰ গাখীৰৰ বাবে বিখ্যাত । লেচিয়া নদীৰ পাৰে পাৰে আছে ৮-৯ টাকৈ ম'হঁখুটি ৷ প্ৰচণ্ড শীতকো নেওচি বিহুৰ বাবে পুৱাই ব্যস্ত হৈ পৰিছে ম'হপালকসকল । ম'হখুঁটিৰ পৰা গাখীৰ সংগ্ৰহ কৰি নদী পাৰ হৈ গোৱালে ঘৰত জমা কৰিছে গাখীৰ ৷

ম'হপালক কুলা গোঁহাইয়ে ক'লে- "বিহুৰ বাবে যিমানখিনি যোগাৰ কৰিব লাগে, সেইখিনি কৰিব পৰা নাই । বিহুৰ অৰ্ডাৰ বহুত ৷ ১০০ পৰা ১২০ টকাত গাখীৰ দিয়া হৈছে । কিন্তু আমি সুবিধা পোৱা নাই ৷ যথেষ্ট প্ৰত্যাহ্বানৰ মাজত ম'হ ৰখিবলগীয়া হৈছে । তথাপিও ম'হখুঁটিলৈ গাখীৰ বিচাৰি অহা মানুহক আমি বিমুখ কৰা নাই ৷" আন এজন ম'হপালক প্ৰদীপ চেতিয়াই কয়- "আমি খুঁটিৰ পৰা ৭০ টকা দৰত গোৱালক গাখীৰ দিও ৷ তেওঁলোকে ১০০ টকাত বিক্ৰী কৰে ৷ পুৱাই ৫ বজাতে শীতৰ মাজতো গাখীৰ খিৰাই জমা কৰিব লাগে ৷"

এজন গোৱালৰ পত্নী স্বপ্নালী চেতিয়াই এই সন্দৰ্ভত কয় যে এই সময়ত মানুহৰ চাহিদা অনুপাতে যোগান ধৰিব পৰা নাই ৷ সেয়ে এতিয়া বিহুৰ বতৰত ব্যাপক চাহিদা থকা লেচিয়া নদীৰ পাৰৰ ম'হখুঁটিৰ সুস্বাদু বিশুদ্ধ গাখীৰ জোৰাব নোৱাৰি বিমোৰত পৰিছে গোৱাল আৰু ম'হপালকসকল ৷

লগতে পঢ়ক :আইচেং; ঘৰুৱা ফলমূলৰ পৰা তৈয়াৰী স্বাস্থ্যকাৰক ৱাইন - WINE MADE FROM FRUITS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.