তেজপুৰ : উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন আৰু ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰে সংলগ্ন ১৩,০০০ ফুট উচ্চতাৰ চেলা পাছ সুৰংগই (Sela Pass Tunnel) যাতায়ত ব্যৱস্থা সুগম কৰি তুলিছে । অধিক উচ্চতাৰ দ্বি-লেনযুক্ত সুৰংগই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই সুৰংগই যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বহন কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা । বছৰৰ সকলো সময়তে উপযোগী চেলা পাছ সুৰংগই সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুগম কৰাৰ লগতে সুৰক্ষা বাহিনীক যথেষ্ট সকাহ দিছে ।
এই সুৰংগ মুকলি হোৱাৰ পিছত এইবাৰ প্ৰথম তুষাৰপাতত সুৰংগৰ দুয়োফালে বৰফৰ আচ্ছাদন দেখা গৈছে । কিন্তু যাত্ৰীসকলে বিনা অসুবিধাৰে এই সুৰংগৰ মাজেৰে পাৰ হৈছে । যদিও এতিয়া বৰ বিশেষ তুষাৰপাত নাই তথাপিও কেইবা ইঞ্চি বৰফ জমা হৈছে আৰু সীমান্ত পথ সংস্থাই পথৰ দুয়োকাষৰ পৰা এই অতিৰিক্ত বৰফ আঁতৰাইছে । পূৰ্বতে চেলা হ্ৰদৰ কাষেৰে দীঘলীয়া পথেৰে অতিক্ৰম কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাৰ লগতে যান-বাহনত বিশেষ ছেইন লগাই বিপদসংকুলভাৱে যাত্ৰা কৰিব লাগিছিল । কিন্তু সীমান্ত পথ সংস্থাৰ তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা নিৰ্মাণ কৰা এই সুৰংগই যথেষ্ট সকাহ দিছে ।
প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তাৰ প্ৰতিক্ৰিয়া :
সীমান্ত পথ সংস্থাৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ সঞ্জীত সিঙে ই টিভি ভাৰতক কয়,"অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ চেলা পাছৰ এই সুৰংগই সকলো যাত্ৰীক সকাহ দিছে । বিশেষকৈ সেনা বাহিনীৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ বাবে ই অধিক সুবিধা হৈছে । পৰ্যটকসকলৰ বাবে আনন্দদায়ক আৰু সুৰক্ষিত ভ্ৰমণ সম্ভৱ হৈছে । ই টাৱাং ভ্ৰমণলৈ যোৱা পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।"
উল্লেখ্য যে পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ'ৰ প্ৰচেষ্টা আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ কৰা হয় এই চেলা সুৰংগ । সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ হিচাপে বিবেচিত হৈছে । এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ তুষাৰাবৃত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যোগাযোগ কৰিছে । লগতে সমগ্ৰ পথছোৱা প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব কম হয় ।
বি আৰ অ'ৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ সিঙে পুনৰ কয়, "টাৱাঙৰ লোকসকলৰ বাবেও ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । সেনা বাহিনীক সহায় কৰাৰ লগতে পৰ্যটকক সহায় কৰিছে । এই সুৰংগ নিৰ্মাণৰ পাছত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।"
সুৰংগৰ বৈশিষ্ট্য :
২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল । তাৰ পিছত ১ এপ্ৰিলৰ পৰা সুৰংগৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল আৰু ২০২৪ চনৰ ৯ মাৰ্চত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে ইয়াক মুকলি কৰে । এই সুৰংগ মাত্ৰ ৫ বছৰতে সম্পূৰ্ণ কৰা হয় । কঠিন ভূখণ্ড, প্ৰতিকূল বতৰকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে সীমান্ত পথ সংস্থাই সুৰংগটো নিৰ্মাণ কৰে ।
সুৰংগৰ দুয়োদিশৰ প্ৰৱেশদ্বাৰত ৰখা হৈছে ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি । লগতে সুৰংগৰ ভিতৰৰ বেৰবোৰতো অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় আৰু পৰম্পৰাগত লোক-সংস্কৃতি অংকন কৰা হৈছে । চেলা সুৰংগ ব্যৱস্থাটো ১০০৩ মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগৰে গঠিত আৰু ৮২৫ কোটি টকা ব্যয় সাপেক্ষে ক্ৰমে ১৫৯৫ মিটাৰ আৰু ৮.৬ কিলোমিটাৰ এপ্ৰ'চ আৰু লিংক ৰোড নিৰ্মাণ কৰা হৈছে । দ্বিতীয় সুৰংগটোৰ কাষতে এটা এস্কেপ টিউব আছে । নিৰ্মাণ কৰা এস্কেপ টিউব মূল সুৰংগৰ সমান্তৰালভাৱে প্ৰতিটোৰ ৫০০ মিটাৰ ক্ৰছ পেচেজৰ সৈতে সংযুক্ত কৰা হয় । জৰুৰীকালীন অৱস্থাত এই এস্কেপ টিউবটো স্থানান্তৰ কৰি ব্যৱহাৰ কৰিব পৰা সুবিধা আছে ।
সুৰংগটোৰ লাভালাভ :
প্ৰতিদিনে ৩,০০০ বাহন আৰু ২০০০ খন ট্ৰাকৰ যাতায়তৰ সুবিধাৰ বাবে তৈয়াৰ কৰা হৈছে সুৰংগটো । ইয়াত বাহনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ । চেলা সুৰংগই কেৱল সাধাৰণ নাগৰিকৰ যাতায়তেই নহয় সেনা তথা প্ৰতিৰক্ষা বাহিনীৰ যোগান ব্যৱস্থাও সুগম কৰি তুলিছে । টাৱাং অঞ্চলৰ বাবে অৰ্থনৈতিক বিকাশ, বাণিজ্য, পৰ্যটন, নিয়োগ আৰু সামগ্ৰিক উন্নয়নত চেলা সুৰংগই এক নতুন যুগৰ সূচনা কৰে । ইয়াৰ পূৰ্বে চেলা পাছলৈ যোৱা পথটো একক লেনযুক্ত আছিল যাৰ বাবে গধুৰ বাহন, কণ্টেইনাৰ ট্ৰাক আৰু ট্ৰেইলাৰ আদি টাৱাঙলৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছিল । তদুপৰি প্ৰতিকূল বতৰৰ বাবে বিশেষকৈ শীতকালত পথটোত যাতায়ত যথেষ্ট কষ্টকৰ আছিল ।
চেলা সুৰংগৰ কৌশলগত গুৰুত্ব :
সাগৰপৃষ্ঠৰ পৰা ১৩,৫০০ ফুটতকৈও অধিক উচ্চতাৰ চেলা সুৰংগ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সুৰংগ পথ । চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাৰ মোতায়েন আৰু গধুৰ অস্ত্ৰ-শস্ত্ৰ নিয়োগ কৰাটো সামৰিক বাহিনীৰ বাবে এক জটিল প্ৰত্যাহ্বান আছিল । ইয়াৰ পূৰ্বে ৫০০ মিটাৰ দৈৰ্ঘৰ নেচিফু সুৰংগৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথত চেলা সুৰংগই নিৰাপদভাৱে কৌশলগত সংযোগ কৰে । এই চেলা সুৰংগ অবিহনে ১৪ হাজাৰ ফুট উচ্চতাৰ চেলা পাছৰ ওপৰেৰে টাৱাঙৰ সৈতে সংযোগ স্থাপন কৰাটো শীতকালত কমেও তিনিৰ পৰা চাৰি মাহৰ বাবে সেনাবাহিনীৰ লগতে পৰ্যটকৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল । ফলস্বৰূপে ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয় তেজপুৰৰ পৰা টাৱাঙলৈ যাত্ৰাৰ সময় কমেও ১০ কিলোমিটাৰ অৰ্থাৎ এঘণ্টা হ্ৰাস পায় । ইয়াৰ উপৰিও ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথক যিকোনো বতৰতে ব্যৱহাৰ কৰিব পৰা হৈছে ।
লগতে পঢ়ক :উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক - ASSAM MINING TRAGEDY