ETV Bharat / technology

নতুন ৰং আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি 2025 বৰ্ষৰ টাটা টাইগ’ৰ - 2025 TATA TIGOR LAUNCHED IN INDIA

টাটাই 5.99 লাখ টকা (এক্স-শ্ব’ৰুম) আৰম্ভণি মূল্যত 2025 বৰ্ষৰ টাইগ’ৰ মুকলি কৰে । কমপেক্ট ছেডানখনত আছে সূক্ষ্ম ডিজাইন টুইক আৰু নতুন বৈশিষ্ট্য ।

2025-tata-tigor-launched-in-india-new-colours-features-price-specifications-details-in-assamese
নতুন ৰং আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি 2025 বৰ্ষৰ টাটা টাইগ’ৰ (Tata Motors)
author img

By ETV Bharat Tech Team

Published : Jan 12, 2025, 3:06 PM IST

হায়দৰাবাদ: টাটা মটৰ্ছে 5.99 লাখ টকা (এক্স শ্ব’ৰুম) আৰম্ভণি মূল্যত মুকলি কৰিছে 2025 চনৰ টাইগ’ৰ । আপডেট কৰা চাব-4 মিটাৰ চেডানত সূক্ষ্ম শৈলীৰ টুইক আৰু অতিৰিক্ত বৈশিষ্ট্য আছে । এতিয়া ইয়াত নতুন টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, ষ্টিয়াৰিং হুইল, 360 ডিগ্ৰী কেমেৰা আৰু ষ্টেণ্ডাৰ্ড হিচাপে ছটা এয়াৰবেগ উপলব্ধ কৰা হৈছে । এই ছেগমেণ্টৰ দ্বিতীয়খন গাড়ী যিয়ে 360 ডিগ্ৰী কেমেৰা প্ৰদান কৰে ।

2025 টাটা টিগ’ৰ: মূল্য, ভিন্নতা আৰু প্ৰতিদ্বন্দ্বী

আপডেট কৰা পেট্ৰ’ল টাইগ’ৰৰ আৰম্ভণি মূল্য 5.99 লাখ টকা (এক্স-শ্ব’ৰুম), আনহাতে চিএনজি ভেৰিয়েণ্টৰ আৰম্ভণি মূল্য 7.69 লাখ টকা (এক্স-শ্ব’ৰুম)। ই হুণ্ডাই অ’ৰা, মাৰুতি চুজুকি ডিজাইৰ আৰু হোণ্ডা এমেজক প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইয়াত 2025 চনৰ টাটা টিগ’ৰৰ পেট্ৰ’ল আৰু চিএনজি ভেৰিয়েণ্টৰ মূল্যৰ তালিকা দিয়া হৈছে।

2025 চনৰ পেট্ৰ’লচালিত টাটা টিগ’ৰৰ মূল্য তালিকা

XM - 5,99,990 টকা

XT - 6,69,990 টকা

XZ - 7,29,990 টকা

XZ+ - 7,89,990 টকা

XZ+ Lux - 8,49,990 টকা

2025 চনৰ টাটা টিগ’ৰ CNG ৰ মূল্য তালিকা

XT CNG - 7,69,990 টকা

XZ CNG - 8,29,990 টকা

XZ+ CNG - 8,89,990 টকা

XZ+ Lux CNG - 9,49,990 টকা

2025 টাটা টিগ’ৰ: নতুনত্ব

2025 চনৰ টাটা টিগ’ৰ মূলতঃ ইয়াৰ পূৰ্বৰ দৰেই আছে যদিও ইয়াত কিছুমান সৰু সৰু পৰিৱৰ্তন আৰু বৈশিষ্ট্য সংযোজন কৰা হৈছে । ইয়াৰ সামগ্ৰিক ডিজাইনলৈ চালে, ছেডানখনে 15 ইঞ্চিৰ এলয় হুইলৰ বাবে এটা সৰু ডিজাইন টুইকৰ উপৰিও এটা আপডেট কৰা ফ্ৰন্ট গ্ৰিল আৰু বাম্পাৰৰ সৈতে আহে । আপডেট কৰা ছেডানৰ বাবে আগবঢ়োৱা নতুন দুটা ৰং হৈছে অপাল হোৱাইট আৰু মেগনেটিক ৰেড ।

বৃহৎ আপডেটটো 2025 চনৰ টাটা টিগ’ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত কৰা হৈছে । ইয়াত নতুন 10.25 ইঞ্চিৰ ফ্লটিং টাচস্ক্ৰীণ, নতুন টু স্প’ক ইলুমিনেটিং ষ্টিয়াৰিং, আপডেট কৰা ড্ৰাইভাৰৰ ডিছপ্লে, এল ই ডি হেডলেম্প, বেতাঁৰ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে, 360 ডিগ্ৰী কেমেৰা, আইছ’ফিক্স মাউণ্ট, ষ্টেণ্ডাৰ্ড হিচাপে ছটা এয়াৰবেগ, ৰিয়াৰ পাৰ্কিং চেন্সৰ আছে আৰু LED টেইল লেম্পছ ।

2025 টাটা টিগ’ৰ: স্পেচিফিকেশন

যান্ত্ৰিকভাৱে চাব-4 মিটাৰ ছেডানখন একেই আছে । ইয়াত চিনাকি 1.2এল ৰেভট্ৰন, 3 চিলিণ্ডাৰ প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন সজ্জিত কৰা হৈছে যিয়ে 83.8 বিএইচপি শক্তি উৎপাদন আৰু 113 এনএম টৰ্ক উৎপন্ন কৰে। আনহাতে চিএনজি ভেৰিয়েণ্টে 72 বিএইচপি আৰু 95 এনএম টৰ্ক উৎপন্ন কৰে । ইঞ্জিনসমূহ 5 স্পীড মেনুৱেল ট্ৰেন্সমিছন বা এএমটি গিয়াৰবক্সৰ সৈতে মেট কৰা হৈছে ।

লগতে পঢ়ক: উৎসৱৰ বতৰত ক্ৰয় কৰিব বিচাৰিছে নেকি Tata Curvv EV; তেন্তে জানি লওক ইয়াৰ বিভিন্ন ভেৰিয়েণ্টৰ বিষয়ে

বজাৰত চাহিদা বৃদ্ধি পাইছে টাটা টিয়াগো ইভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.