গুৱাহাটী : ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি বসুন্ধৰা ৩.০ ৰ জৰিয়তে ভূমি পট্টা বিচাৰি আবেদন কৰাৰ নিৰ্ধাৰিত সময়সীমাৰ ১০ জানুৱাৰীত অন্ত পৰিল । বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ ৰ দৰে বসুন্ধৰা ৩.০ আঁচনিতো গুৱাহাটী মহানগৰীৰ হাজাৰ হাজাৰ লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'ল ।
অর্থাৎ বসুন্ধৰা ৩.০ আঁচনিয়েও মহানগৰীৰ ১৮ খন পাহাৰত বসবাস কৰা ভূমি পট্টাহীন ৮৫ হাজাৰ পৰিয়ালৰ অধিকাংশকে ভূমিৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰিলে । এই অভিযোগ ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ ।
উল্লেখ্য যে, বসুন্ধৰা ৩.০ৰ সময়সীমা ৩১ ডিচেম্বৰত উকলি যোৱাৰ পাছত পুনৰ ১০ জানুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছিল । কিন্তু তাৰ পাছতো বহু লোকে আবেদন কৰিব নোৱাৰিলে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পট্টাহীন লোকৰ স্বৰ্থত বিগত দুটা দশক ধৰি ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে ।
ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণজ্যোতি কলিতাই জানিবলৈ দিয়া অনুসৰি মিছন বসুন্ধৰা ৩.০ত গুৱাহাটী মহানগৰীৰ ৯০ শতাংশ লোকে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰিলে ।
ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, "এইবাৰৰ মিছন বসুন্ধৰাত আবেদনৰ বাবে যিসমূহ নথি পত্ৰ বিচৰা হৈছে, সেয়া বহু লোকৰ ওচৰত নাই । যাৰ ফলত বাৰম্বাৰ চেষ্টা কৰিও মহানগৰীৰ হাজাৰ হাজাৰ লোকে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰিলে । বসুন্ধৰা ৩.০ ত মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা প্ৰায়ভাগ লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।’’
‘‘বিশেষকৈ একচনীয়া পট্টাৰ কোনো গৰাকীয়ে এইবাৰ আবেদন কৰিবলৈ সক্ষম নহ'ল । তদুপৰি ৰায়তী মাটিৰ দখল ভোগ দখল কৰি থকা লোকেও আবেদন কৰাৰ কোনো 'অপচন' বিচাৰি নাপালে এইবাৰৰ বসুন্ধৰাত । ভূমি পট্টা প্ৰদানৰ নামত চৰকাৰে মহানগৰীৰ পট্টাহীন ৯০ শতাংশ লোকক প্ৰতাৰণা কৰিলে ।’’ তেওঁ কয় ৷
তেওঁ ক্ষোভ ব্যক্ত কৰি কয়, "মহানগৰীৰ বহু পাহাৰৰ ভূমি আজি পর্যন্ত জৰীপ হোৱা নাই । জৰীপ নোহোৱা ভূমিৰ দাগ নম্বৰ নাই । যাৰ ফলত জৰীপ নোহোৱা ভূমিৰ গৰাকীয়ে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰিলে । ইফালে 'লেণ্ড বেংক'ত নাম অন্তর্ভুক্ত নোহোৱাৰ বাবেও বহু লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।’’
প্ৰবীণজ্যোতি কলিতাই আৰু কয়, ‘‘ইয়াৰ লগতে ৰায়তৰ পৰা যিসকলে ভূমি ক্ৰয় কৰিছে, তেওঁলোকে পটা বিচাৰি আবেদন কৰাৰ কোনো 'অপচন' বিচাৰি নাপালে । তদুপৰি পট্টাৰ বাবে ২০০১ চনৰ ২৮ জুনৰ পূৰ্বৰ খাজনা দিয়াৰ ৰচিদ বিচাৰিছে । মহানগৰীৰ পাহাৰ অঞ্চলৰ প্ৰায়ভাগ লোকৰে ২০০১ চনৰ ২৮ জুনৰ পূৰ্বৰ খাজনাৰ ৰচিদ নাই । মুঠৰ ওপৰত পট্টা দিয়াৰ নামত চৰকাৰে বাৰে বাৰে গুৱাহাটীৰ থলুৱা লোকসকলক প্ৰতাৰণা কৰি আহিছে ।"
উল্লেখ্য যে, ৰাজ্য চৰকাৰে বসুন্ধৰা ৩.০ ৰ বাবে যোৱা ১৫ অক্টোবৰত অধিসূচনা জাৰি কৰিছিল । প্ৰথমাৱস্থাত আবেদনৰ শেষ সময় ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল । পৰৱৰ্তী সময়ত আবেদন কৰাৰ সময়সীমা ১০ জানুৱাৰীলৈকে বৃদ্ধি কৰিছিল চৰকাৰে । কিন্তু তৎসত্ত্বেও মহানগৰীৰ হাজাৰ হাজাৰ লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।
ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ কার্যালয়তো নিজ প্ৰচেষ্টাৰে আবেদনৰ ব্যৱস্থা কৰিছিল যদিও বহু লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় । পট্টা প্ৰদানৰ নামত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ভোগালী বিহুৰ পিচতে ‘‘দিছপুৰ ঘেৰাও’’ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ নেতৃত্বই ।