উমৰাংছ'ৰ অবৈধ কয়লা খনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ - UMRANGSO COAL MINE TRAGEDY

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 2:00 PM IST

শিৱসাগৰ: ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । এন ডি আৰ এফ, স্থানীয় প্ৰশাসন আৰু নৌসেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আশংকাৰ কলীয়া ডাৱৰ এতিয়াও আঁতৰা নাই । জিলাখনত চলি থকা অবৈধ খনিৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দল-সংগঠন আদি ।  

পানী নিষ্কাষণ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতেই আবদ্ধ শ্ৰমিকক লৈ সৰৱ হৈ পৰিছে শিৱসাগৰৰ জাতীয় দল-সংগঠন । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত শনিবাৰে একাধিক দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । 

অসমীয়া ছাত্র যুৱ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি জিন্তু মেচে স্বচ্ছ আৰু নিকা চৰকাৰৰ জয়ঢোল বজোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই কয়, "অবৈধ কয়লা খনিৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰক।" তেওঁ লগতে ছিণ্ডিকেটৰ সৈতে জড়িত লোক সকলৰ সম্পত্তি বাজেয়াপ্ত কৰি চৰকাৰৰ ঘাটি বাজেট পূৰণৰ পৰামৰ্শ দিয়ে ।

অনুসূচীত জাতি ছাত্র সন্থাৰ সভাপতি পৰশজ্যোতি দাসে নিহত কয়লা শ্ৰমিকক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং, তিনিচুকীয়া আদি জিলাত চলি থকা অবৈধ কয়লা খনিসমূহ বন্ধ কৰাৰ দাবী উত্থাপন কৰি কয়, "শনিয়ে অসমখন শাসন কৰি আছে ।"

লগতে পঢ়ক:উমৰাংছ'ৰ কয়লাখনিত NDRF-এ আৰম্ভ কৰিছে পানী নিষ্কাশন - ASSAM COAL MINE TRAGEDY

উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ - UMRANGSO COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.