Tense situation in Nagaon: মগজুত আঘাতপ্ৰাপ্ত ৰোগীৰ পেটত অস্ত্ৰোপচাৰৰ দাগ; উত্তপ্ত নগাঁৱৰ চিমছ হাস্পতাল - বিতৰ্কত সাঙোৰ খাইছিল চিমছ হাস্পতাল
🎬 Watch Now: Feature Video
Published : Sep 29, 2023, 1:49 PM IST
নগাঁও, 29 ছেপ্টেম্বৰ : শুকুৰবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ চিমছ হাস্পতালত । এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত সৃষ্টি হয় এই পৰিস্থিতি ৷ জানিব পৰা মতে, বুধবাৰে এক দুৰ্ঘটনাত পতিত হোৱাত নগাঁৱৰ মাহৰুলৰ মাহমুদ আলীক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ চিমছ হাস্পতালত । কিন্তু শুকুৰবাৰে পুৱাই মাহমুদ আলীৰ মৃত্যু হোৱাৰ পিচতেই ব্যক্তগত খণ্ডৰ চিকিৎসালয়ত উপস্থিত হয় মাহমুদ আলীৰ পৰিয়ালৰ লোক ।
মগজুত আঘাতপ্ৰাপ্ত মাহমুদ আলীৰ পেটত চিলাই কৰাৰ দাগ প্ৰত্যক্ষ কৰি উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক । মগজুত আঘাতপ্ৰাপ্ত মাহমুদ আলীৰ কিডনী উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ যাক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত সৃষ্টি হয় এক হুলস্থুলীয় পৰিৱেশৰ ৷
চিকিৎসকৰ গাফিলতিৰ বাবেই মাহমুদ আলীৰ মৃত্যু হোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । উল্লেখযোগ্য যে, পূৰ্বেও ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কেইবাবাৰো বিতৰ্কত সাঙোৰ খাইছিল চিমছ হাস্পতালখন ৷