Tejaswita Baruah Assam:কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ নামত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা উছৰ্গা
🎬 Watch Now: Feature Video
Published : Aug 25, 2023, 4:44 PM IST
মাজুলী, 25 আগষ্ট : সেইদিনা আছিল 2022 চনৰ 5 অক্টোবৰ, বুধবাৰ, সমগ্ৰ অসমে কান্দিছিল সেইদিনা ৷ চিৰদিনৰ বাবে বুকু শুদা হৈ পৰিছিল অকস্মাতে এহাল পিতৃ-মাতৃৰ ৷ একমাত্ৰ কন্যা সন্তানক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছিল অভিভাৱকদ্বয় ৷ মাজুলীৰ লগতে অসমে চকুলো টুকিছিল সেইদিন মাজুলীৰ কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ নামত।
মাথোঁ 14 বছৰ বয়সতে অকাল মৃত্যুক সাৱটি আঁতৰি গৈছিল তেজস্বিতা বৰুৱা আমাৰ মাজৰ পৰা । উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু ঘটা প্ৰয়াত শিশুশিল্পী তেজস্বিতা বৰুৱাক চিৰযুগমীয়া কৰি ৰখাৰ এক সুন্দৰ প্ৰচেষ্টা লৈছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে ৷ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটি শ্ৰেণীকোঠা উছৰ্গা কৰা হৈছে তেজস্বিতা বৰুৱাৰ নামত। শুকুৰবাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় তৰফৰ পৰা ২০২২ চনত অকাল মৃত্যুক সাৱটি লোৱা মাজুলীৰ প্ৰতিভাৱান প্ৰয়াত কন্ঠশিল্পী তেজস্বিতা বৰুৱাৰ নামত "তেজস্বিতা শিল্পশালা" বুলি এটি শ্ৰেণী কোঠাৰ উন্মোচন কৰা হয় ৷
"তেজস্বিতা শিল্পশালা" উন্মোচন কৰাৰ সময়ত তেজস্বিতা বৰুৱাৰ পিতৃ-মাতৃৰ লগতে মাজুলীৰ বিধায়ক ভূৱন গামৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে তেজস্বিতাৰ পিতৃ-মাতৃ । পিতৃৰ মতে তেজস্বিতাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পঢ়াৰ মন আছিল । কিন্তু নিয়তিয়ে সেই আশা পূৰণ হ’বলৈ নিদিলে । ‘তাই পঢ়িবলৈ নাপালেও মোৰ জীয়ৰীৰ নামত বিশ্ববিদ্যালয়ত এটা তেজস্বিতা শিল্পশালা নামৰে যি শ্ৰেণী কোঠা অপৰ্ণ কৰিলে তাৰ বাবে আমি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জনালো’ ।
আজিৰ অনুষ্ঠানতে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডে মাজুলীবাসী ৰাইজৰ চিকিৎসাৰ সেৱাত সহায়ক হোৱাকৈ এখন এম্বুলেন্স বিশ্ববিদ্যালয়ৰ হাতত প্ৰদান কৰে । এম্বুলেন্সখনৰ শুভ উদ্ধোধন কৰে মাজুলীৰ বিধায়ক ভূৱন গামে ।
লগতে পঢ়ক : Tejaswita Boruah Memories: তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা