Nimati ferry service delayed: ঘন কুঁৱলীৰ বাবে নিমাতী-মাজুলী সংযোগী ফেৰী চলাচলত বাধা

By

Published : Jan 17, 2023, 12:19 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

প্ৰচণ্ড শীতৰ কৱলত পৰিছে সমগ্ৰ ৰাজ্য । শীতৰ লগে লগে ঘন কুঁৱলীয়ে আঁৱৰি ধৰিছে ৰাজ্যখনক (Heavy fog in Assam)। কুঁৱলীয়ে আঁৱৰি ধৰাৰ ফলত বহু সময়ত যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে (Nimati ferry service delayed) ৷ আজিও ঘন কুঁৱলীৰ বাবে যোৰহাট-মাজুলী সংযোগী ফেৰী চলাচলত বাধা আহি পৰিছে ৷ ঘন কুঁৱলীৰ বাবেই পলম হৈছে যোৰহাট-মাজুলী সংযোগী ফেৰীৰ চলাচল । ৭.৩০ বজাত যাত্ৰা কৰিব লগা ফেৰীখনে ঘন কুঁৱলীৰ বাবে ৯ বজাত যাত্ৰা কৰিব লগা হৈছে । ইফালে উৎসৱৰ বতৰ হোৱা হেতুকে ফেৰী ঘাটসমূহত ভিৰ কৰিছে যথেষ্ট যাত্ৰীয়ে । কুঁৱলীৰ ফলত সময়মতে ফেৰী চলাচল কৰিব নোৱাৰাত বহু অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.