thumbnail

শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মহাপালনামৰ সামৰণি

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:24 PM IST

মাজুলী,১৬ নৱেম্বৰ: সামৰণি পৰিল মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মহাপালনামৰ । কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ অনুষ্ঠিত কৰা হৈছিল এই পালনাম । এই পাঁচটা দিনত মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ঐতিহাসিক আউনীআটি সত্ৰৰ চৌপাশে । সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা কাতি মাহত ৫ দিনিয়াকৈ অনুষ্ঠিত হৈ অহা মহাপালনামৰ আধ্যাত্মিক ভাৱধাৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা সত্ৰৰ চৌপাশ নিশাৰ ভাগত সামৰণি পৰিব ।  

এই বছৰ ঐতিহাসিক সত্ৰখনে ৩৭০ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি আয়োজন কৰিছিল এই পালনামৰ । এই পাঁচটা দিনত ভক্তপ্ৰান ৰাইজৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছিল । এই পাঁচটা দিনত লক্ষাধিক ভক্তৰ সমাগম হোৱা বুলি মন্তব্য কৰে ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক: Drama staged in Morigaon: মৰিগাঁৱত মঞ্চস্থ দ্ৰৌপদীৰ পৰিয়াল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.