Ek Asom Yatra; বিজেপিৰ বিৰুদ্ধে লোকসভাত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী দিলে ভাল ফলাফল আহিব: লুৰীণজ্যোতি গগৈ - এক অসম যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:09 AM IST

ডিব্ৰুগড়, 7 অক্টোবৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিয়ে আৰম্ভ কৰিছে সাংগঠনিক কাম কাজ । ইতিমধ্যে বিজেপি মিত্ৰজোঁটে লোকসভা নিবাৰ্চনত 12 খন আসন লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে । ইয়াৰ সমান্তৰালভাৱে সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া গঠন হোৱা দৰে অসমতো 11 টাকে বিজেপি বিৰোধী ৰাজনৈতিক দলে যৌথভাৱে সমাগত লোকসভা নিবাৰ্চন খেলাৰ বাবে ঐক্যত উপনীত হৈছে ।

দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰিছে এক অসম যাত্ৰা । এই যাত্ৰাৰ মাজতে শুকুৰবাৰে বিয়লি দুলীয়াজানত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমাগত লোকসভা নিবাৰ্চনত বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থীত্ব প্ৰদানৰ পোষকতা কৰে ।

অসমত বিজেপি বিৰোধী সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ভাল ফলাফল আহিব বুলি আশা প্ৰকাশ কৰে গগৈয়ে । লগতে সমাগত লোকসভা নিবাৰ্চনত সভাপতিগৰাকীয়ে নিজে প্ৰতিদ্বন্দিতা কৰিব নে নাই সেই কথা এতিয়াও থিৰাং কৰা নাই বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Conflict in Assam Congress : বিজেপিৰ অমৃত কলহে 'কন্দল' লগাইছে কংগ্ৰেছত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.