Dhemaji village road: কুম্ভকৰ্ণ চৰকাৰ! হাতত কোৰ-বেলচা লৈ ৰাইজে কৰিলে পথ নিৰ্মাণ - locals constructed a village road
🎬 Watch Now: Feature Video
ধেমাজি, 11 জুলাই : ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ’লৰ পৰা কুঁৱৰী বিললৈ যোৱা পথটি মেৰামতি কৰিলে ৰাইজে ৷ হাতে হাতে কোৰ বেলচা লৈ হাতে-কামে লাগি গ’ল স্থানীয় ৰাইজ ৷ পথৰ দুৰৱস্থাৰ বাবে অৱশেষত গাওঁবাসীয়েই নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে এই ঐতিহাসিক পথটো ৷
উল্লেখনীয় যে, ধেমাজিৰ ঘূগুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত কুঁৱৰীবিল গাঁৱৰ ঘূগুহা দ’লৰ পৰা কুঁৱৰী বিল সংযোগী মুখ্য পথছোৱা আজিকোপতি চৰকাৰী উন্নয়নমূলক আচঁনিয়ে ঢুকি নাপালে । পথটোত সৃষ্টি হোৱা কেইবাটাও দ গাঁতৰ বাবে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ অহাত চৰকাৰলৈ বাট নেচাই নিজেই পথ মেৰামতিৰ কাৰণে ওলাই আহিল গাঁৱৰ ৰাইজ ।
গাঁওখনৰ পুৰুষ মহিলাই হাতে হাতে বেলচা কোৰ গামলা লৈ নামিল পথটোৰ মেৰামতিৰ কামত ৷ ইপিনে পথটোৰ সন্মুখতেই আছে ঘূগুহা গাঁও পঞ্চায়তৰ কাৰ্যালয় ৷ গাঁৱে গাঁৱে উন্নয়ন বিকাশৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপটো দাঙি ধৰিলে এই ছবিয়ে ৷
লগতে পঢ়ক : Jiyadhal river: জীয়াঢলৰ কাংকু সুঁতিৰ গতিপথ সলনিৰ চেষ্টা প্ৰশাসনৰ