Local Theme Base workshop: বঙাইগাঁৱত বাল্য বিবাহ বিৰোধী সজাগতা সভা - বঙাইগাঁৱত বাল্য বিবাহ বিৰোধী সজাগতা সভা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 6, 2023, 9:51 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

বঙাইগাঁও,৬ ফ্ৰেব্ৰুৱাৰী: বাল্য বিবাহ, ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজত এক ভয়াবহ ব্যাধি হিচাপে দেখা দিছে । ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে চৰকাৰ তথা আৰক্ষী প্ৰশাসন । কিন্তু ৰাজ্যৰ জনতা যেন এতিয়াও সজাগ হোৱা নাই । এনেবোৰ বিষয়ত সাধাৰণ ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে কোনো কোনো সংগঠনে সময়ে সময়ে লৈ আহিছে বিশেষ পদক্ষেপ । বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ পাখিৰিগুৰিত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগতো লোৱা হৈছে এক সজাগতা অনুষ্ঠান(Local Theme Base workshop in Bongaigaon) । 

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত Local Theme Base শীৰ্ষক কৰ্মশালাৰ লগত সংগতি ৰাখি বাল্য বিবাহ, সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ সেৱনৰ ভয়াবহতাৰ সম্পৰ্কে এক সজাগতামূলক অনুষ্ঠিত অনুষ্ঠিত কৰে(Anti-child marriage awareness meeting in Bongaigaon) । উক্ত সজাগতা সভাত সৃজনগ্ৰাম উন্নয়ণ খণ্ডৰ অন্তৰ্গত মুঠ ১১ টা ক্লাবৰ সদস্যৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত সভাখন‌ অনুষ্ঠিত কৰা হয় । সমগ্ৰ দেশতে বাল্য বিবাহ নিষিদ্ধ কৰি আইন প্ৰণয়ণ কৰা হৈছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্য বিবাহ । 

সমাজৰ ব্যাধিস্বৰূপ বাল্য বিবাহ ৰোধ আৰু ড্ৰাগছ সেৱন মুক্ত কৰাৰ উদ্দেশ্যে সৃজনগ্ৰামৰ পাখিৰিগুৰিত নৱ ভাস্কৰ সংঘৰ প্ৰাংগনত নেহৰু যুৱ কেন্দ্ৰ বঙাইগাঁৱৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা । নেহৰু যুৱ কেন্দ্ৰ বঙাইগাঁৱৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ জৰিয়তে ৰাজ্যখনৰ লগতে নিজৰ অঞ্চল সমূহ বাল্য বিবাহ মুক্ত আৰু ড্ৰাগছ সেৱন মুক্ত অঞ্চল হিচাপে গঢ় দিয়াৰ বাবে আহ্বান জনায় । 

নৱ ভাস্কৰ সংঘৰ সভাপতি ‌ৰাম প্ৰসাদ ৰায়ে আঁতধৰা অনুষ্ঠানটোত চক্ৰভৌম গাঁও পঞ্চায়তৰ সভাপতি ৰজনি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত উপস্থিত ১১টা ক্লাবৰ সদস্যৰ লগতে সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমজান আলী, নৱ ভাস্কৰ সংঘৰ সভাপতি ‌ৰাম প্ৰসাদ ৰায়, চক্ৰভৌম গাঁও পঞ্চায়তৰ সভাপতি ৰজনি ৰায়, নেহৰু যুৱ কেন্দ্ৰৰ সৃজনগ্ৰামৰ স্বেচ্ছাসেৱিকা কবিতা বেগম, চক্ৰভৌম গাঁও পঞ্চায়তৰ সদস্যা পঞ্চমী ৰায় আদিয়ে বাল্য বিবাহ প্ৰতিৰোধ, শিশু সুৰক্ষাৰ আৰু ড্ৰাগছ সেৱন আৰু প্ৰতিৰোধৰ ওপৰত বিষদ ব্যখ্যা দাঙি ধৰে । নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত Local Theme Base শীৰ্ষক কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সজাগতামূলক সভা খনৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে শঁলাগ লয় উদ্যোক্তাসকলক । 

লগতে পঢ়ক: Assam Arunachal Land dispute: পুনৰ অসমৰ ভূমিত গছ কাটি বেদখলৰ চেষ্টা অৰুণাচলীৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.