thumbnail

Leopard terror at Teok : নাহৰফুটুকীৰ ত্ৰাসত ত্ৰস্তমান টীয়কবাসী

By

Published : Dec 26, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

টীয়কত নাহৰফুটুকীৰ ত্ৰাস (Leopard terror at Teok) ৷ এইবাৰ টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছে এটা নাহৰফুটুকী ৷ এই নাহৰফুটুকীটোৰ আক্ৰমণত বৰ্তমানলৈকে আহত হৈছে স্থানীয়লোক আৰু বনকৰ্মীসহ মুঠ 13 জন লোক (many injured in Leopard at Teok) ৷ আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ নাহৰফুটুকীৰ আক্ৰমণত আহতসকল ক্ৰমে ডেপুটি ফৰেষ্টাৰ সুনীল কুমাৰ দত্ত, বনকৰ্মী জিতুমনি বৰা, বৰ্ষাৰণ্য কৰ্মচাৰী মৌচুমী বৰা, পৰিস্মিতা বৰা, বৰ্ষাৰণ্য কৰ্মচাৰী ৰুমি পাটৰ, জিতেন বৰা, বনকৰ্মী প্ৰৱোধ শইকীয়া, ৰেখা গগৈ, বলেন গগৈ , সত্যেন গগৈ, মিনেশ্বৰ লাহন , অনন্ত লাহন , বিনোজ লাহন বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, ডেপুটি ফৰেষ্টাৰ সুনীল কুমাৰ দত্তই আধাঘন্টাৰো অধিক সময় বাঘটোৰ সৈতে যুঁজ দি আছিল ৷ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ডেপুটি ফৰেষ্টাৰ সুনীল কুমাৰ দত্তৰ ৷ ইফালে নাহৰফুটুকীৰ আক্ৰমণত আহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা সম্ভাৱনা আছে । ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে কাজিৰঙা পৰাৰ টেকুলাইজ টীম ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.