Tigers freely roaming: ফিল'বাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - Leopard terror at Dumduma
🎬 Watch Now: Feature Video


Published : Nov 3, 2023, 5:00 PM IST
তিনিচুকীয়া,৩ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষত থকা ফিল'বাৰী চাহ বাগিচাত শুকুৰবাৰে পুনৰ পিঞ্জৰাবদ্ধ কৰা হয় এটা নাহৰফুটুকী বাঘ । কিছুদিনৰ পৰা ফিল'বাৰী চাহ বাগিচাৰ হেমবাৰি লাইন, চিকৰাজানত নাহৰফুটুকী বাঘে ঘৰচীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে চাহ বাগিচাৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰি চলাই আহিছিল সন্ত্ৰাস ।
বনবিভাগে ফিল'বাৰী চাহ বাগিচাৰ পৰিচালকৰ অভিযোগৰ ভিত্তিত চাহ বাগিচাৰ ভিতৰত কেইবাদিন পূৰ্বে বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা পাতিছিল চাহ বাগিচাত । ফলত নিশাৰ ভাগত পিঞ্জৰাবদ্ধ কৰা হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ । কিছুদিন পূৰ্বেও এটা নাহৰফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰি মুকলি কৰি দিছিল তৰাণী সংৰক্ষিত বনাঞ্চলত ।
উল্লেখযোগ্য যে চাহ বাগিচাৰ নলাত কেইবাদিনৰ পূৰ্বে তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি প্ৰত্যক্ষ কৰিছিল চাহ বাগিচাৰ কৰ্মচাৰীসকলে । বন বিভাগে এতিয়াও চাহ বাগিচাখনত কেইবাটাও নাহৰফুটুকী বাঘ থকাৰ সন্দেহ কৰে । পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক বন বিভাগে চৰাইপুং সংৰক্ষিত বনাঞ্চলত মুকলি কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Tigers freely roaming:কাজিৰঙাত বাঘে-মানুহে সহবাস কৰিছে, আমিতো কাজিৰঙাৰ মানুহ নহয়-শংকিত ৰাইজ