Leopard caged in Naharkatia:পিঞ্জৰাবদ্ধ নাহৰফুটুকী, স্বস্তিৰ নিশ্বাস ৰাইজৰ - Leopard caged in Naharkatia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 16, 2023, 8:00 PM IST

নাহৰকটীয়া,16 জুন: অৱশেষত নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ ৷ দীৰ্ঘদিন ধৰি নামৰূপৰ নিকটবৰ্তী উমাতৰা, ছট্টিশপুৰ চাহ বাগিচা এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ বহু পশুধন আৰু এজন শিশুৰ মৃত্যুৰ কাৰণ হৈ পৰা বাঘটো বন বিভাগৰ পিঞ্জৰাত বন্দী হোৱাৰ পাচতে বাঘ চাবলৈ ভিৰ কৰিলে ৰাইজে ৷ বৰষুণৰ মাজতো বাঘ চাবলৈ ছাতি লৈ ওলাই আহিল ৰাইজ ৷ উল্লেখ্য যে বিগত ২৪ এপ্ৰিলত উমাতৰা চাহ বাগিছাৰ সমীপৱৰ্তী ছট্টিশপুৰ চাহ বাগিছাত নাহৰফুটুকীৰ আক্ৰমণত নিহত হৈছিল এটি আঠ বছৰীয়া শিশু । মোমায়েকৰ লগত ঘাঁহ কাটিবলৈ যোৱা শিশুটিক বাগিচাৰ তিনিআলি এটাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু শিশুটিৰ ডিঙিত বাঘৰ আক্ৰমণৰ চিনো প্ৰত্যক্ষ কৰা গৈছিল । তেতিয়াৰে পৰা অঞ্চলটোত বহুতৰে পশুধন আক্ৰমণ কৰি সন্ত্ৰাস চলাইছিল নাহৰফুটুকীটোৱে ৷ শুকুৰবাৰে পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস লৈছে অঞ্চলটোৰ ৰাইজে । ইফালে বনবিভাগে নাহৰফুটুকীটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷  

লগতে পঢ়ক:Deforestation at Dibrugarh:পথ সম্প্ৰসাৰণৰ নামত ২,৫৫৩ জোপা গছৰ আহুতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.