Financial dispute between landlord and tenant:ভাড়াতীয়াক খেদিবলৈ ৫০ জনীয়া গুণ্ডাৰে আক্ৰমণ মালিকৰ - মহানগৰীৰত ঘৰ ভাড়া লওঁতে সাৱধান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 28, 2023, 8:18 PM IST

গুৱাহাটী, ২৮ জুলাই : আপুনি বাৰু ভাড়া ঘৰত থাকে নেকি? তেনেহলে মহানগৰীৰত ঘৰ ভাড়া লওঁতে সাৱধান । গুণ্ডা বাহিনী লগাই ঘৰৰ পৰা উলিয়াই দিব পাৰে আপোনাক । তেনে এক ঘটনাই সংঘটিত হল মহানগৰীৰ ভেটাপাৰাত । ভেটাপাৰাৰ ৰুদ্ৰপুৰ পথত সংঘটিত হৈছে এই ঘটনা ।

অভিযোগ অনুসৰি, বুধবাৰে মুখত মাস্ক আৰু হেলমেট পৰিধান কৰি আহিছিল মালিকপক্ষৰ এটা ভেৰণীয়া গুণ্ডা বাহিনীৰ দল । দলটোৱে ঘৰটোত উপস্থিত হৈ সামগ্রীসমূহ ভাঙি পেলোৱাৰ লগতে শাৰীৰিকভাৱেও প্ৰহাৰ কৰে ভাড়াতীয়া পৰিয়ালটোৰ লোকক । ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘৰটোৰ চৌহদত তথা ঘৰৰ ভিতৰত । ৰুদ্ৰপুৰ পথৰ গৃহ নম্বৰ ৪১ ৰ মহেন্দ্ৰ বৰাৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল আক্ৰমণৰ বলি হোৱা পৰিয়ালটোৱে । প্ৰায় ৬ বছৰ ধৰি ৰতন দেৱ নাথৰ পৰিয়ালটো ভাড়াতীয়া হিচাপে আছে ঘৰটোত ।

উল্লেখ্য যে, ঘৰৰ মালিকৰ পৰা ভাড়াতীয়া ঘৰে লাভ কৰিব আছে প্ৰায় ডেৰ লক্ষাধিক টকা । পাবলগীয়া ধন দিবলৈ অমান্তি হয় ঘৰৰ মালিক । লগতে ঘৰ খালী কৰিবলৈয়ো দিয়ে কঠোৰ সকীয়নি । ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ চলি আছে ন্যায়ালয়ত । ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি গুণ্ডা বাহিনী লগাই ঘৰ খালী কৰাব বিচৰাত শংকিত হৈ পৰে ভাড়াতীয়া পৰিয়ালটো ।

লগতে পঢ়ক : Dead Body Recovered: এইবাৰ গুৱাহাটীৰ ছয়মাইল উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.