thumbnail

Protest by AKRSU: জনজাতিকৰণৰ দাবীত উত্তাল বিজনী

By

Published : Dec 7, 2022, 2:56 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীৰ প্ৰতি চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিজনী মহকুমা আক্ৰাছু(Protest by AKRSU) । আজি সন্ধিয়াৰ ভাগত চিৰাং জিলাৰ বিজনীত পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত বিজনী মহকুমা আক্ৰাছু আৰু কেবাটাও আঞ্চলিকৰ সহযোগত জোঁৰ সমদল কাৰ্যসূচী হাতত লোৱা হয় (Chirang AKRSU Jor samadal)। বিজনী মহকুমা আক্ৰাছু কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা সমদলটোক আৰক্ষীয়ে বিজনী চহৰ পৰিভ্ৰমণৰ ক্ষেত্ৰত বাধা আৰোপ কৰি কাৰ্যালয়ৰ চৌহদত আৱদ্ধ কৰি ৰাখে । ফলত মহকুমা আক্ৰাছু কাৰ্যালয়ৰ সন্মুখত কমতাপুৰ আমাক লাগিবই, NO ST NO REST আদি শ্লোগান দিয়াৰ লগতে চৰকাৰবিৰোধী ধ্বনি দিয়ে(Koch Rajbanshi demands ST status) । হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, অসম চৰকাৰ মূৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.