Khagen Mahanta death anniversary: গণশিল্পী খগেন মহন্তৰ নৱম মৃত্যুবাৰ্ষিকী পালন - Khagen Mahanta death anniversary

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 12, 2023, 4:36 PM IST

গুৱাহাটী,১২ জুন: আজি গণশিল্পী খগেন মহন্তৰ নৱম মৃত্যুবাৰ্ষিকী । কলাক্ষেত্ৰৰ সমাধিস্থলীত আয়োজন কৰা হয় শিল্পীজগৰাকীক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আৰু উপ-সচিব জিতুল সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি । লগতে গণ শিল্পীজনক বহু অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত কয় শিল্পীজনৰ গীতসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব কলাক্ষেত্ৰই । নৱপ্ৰজন্মই শিল্পী খগেন মহন্তৰ গীতসমূহ আঁকোৱালি ল'বলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে । উল্লেখ্য যে, ৰাজ্যৰ সাংস্কৃতিক জগতখনত গণশিল্পী খগেন মহন্তই দি থৈ যোৱা অৱদান চিৰস্মৰণীয় ।  

বিশেষ কৈ গছ তলৰ বিহু আৰু গাঁৱৰ চহা জীৱনৰ বিহুক বিশ্বমুখী কৰি তোলাত বিহু সম্ৰাট তথা গণ শিল্পী খগেন মহন্তৰ উল্লেখনীয় অৱদান আছিল । ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰিত জন্ম গ্ৰহণ কৰা গণশিল্পী খগেন মহন্তই লোকসংগীতৰ ভেঁটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল । অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা হয় । গণশিল্পী গৰাকীৰ ২০১৪ চনৰ ১২ জুনত বিয়োগ ঘটিছিল।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.