Jute procurement centre in Assam: লংকাৰ ৰাণীপুখুৰীত স্থাপন মৰাপাট ক্ৰয় কেন্দ্ৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:26 AM IST

thumbnail

হোজাই, ১৮ অক্টোবৰ:হোজাই,কাৰ্বিআংলং আৰু ডিমা হাছাও জিলাৰ মৰাপাট খেতিয়কৰ সুবিধা আৰু সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰৰ ভাৰতীয় মৰাপাট নিগম চমুকৈ জেচিআই । খেতিয়কৰ সুবিধাৰ বাবে হোজাই জিলাৰ লংকাৰ ৰাণীপুখুৰীত স্থাপন কৰা হৈছে এটা বিভাগীয় মৰাপাট ক্ৰয় কেন্দ্ৰ । মৰাপাট খেতিয়কক উচিত মূল্য প্ৰদানৰ উপৰি খেতিৰ প্ৰতি অধিক উৎসাহিত কৰি তোলাৰ লগতে অধিক লাভাম্বিত কৰাৰ লক্ষ্যৰে খেতিয়কৰ সুবিধা হোৱাকৈ স্থাপন কৰা হৈছে এই মৰাপাট ক্ৰয় কেন্দ্ৰটো । মঙলবাৰে বিয়লি নতুন মৰাপাট ক্ৰয় কেন্দ্ৰটো মুকলি কৰে ভাৰতীয় মৰাপাট নিগমৰ পৰিচালন সঞ্চালক অৱসৰপ্ৰাপ্ত কমাণ্ডেণ্ট অজয় কুমাৰ জলিয়ে ।

ভাৰতীয় মৰাপাট নিগমৰ আঞ্চলিক আৰু ক্ষেত্ৰীয় কাৰ্যালয়ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি মুকলি কৰা হয় বিভাগীয় মৰাপাট ক্ৰয় কেন্দ্ৰটো । এই শুভ অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ মিশ্ৰ ভাগৱতীৰ উপৰি কৃষি বিভাগৰ বিষয়া আৰু জিলাখনৰ মৰাপাট খেতিৰ লগৰ জড়িত কৃষকসকল ।

লগতে পঢ়ক:Zumba Fitness Centre: জুম্বা ফিটনেচ চেন্টাৰৰ জৰিয়তে মহিলাৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.