thumbnail

Chadrayaan 3: চন্দ্ৰযান 3 ৰ সফলতাৰ পিচত যোৰহাটত জয় আই অসম, বন্দে মাতৰম ধ্বনি; বিশেষ প্ৰতিবেদন

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:28 PM IST

যোৰহাট, 23 আগষ্ট: চন্দ্ৰযান ৩ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ লগে বিশ্বৰ একমাত্ৰ দেশ হিচাবে পৰিগণিত হ’ল ভাৰত । ফলত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গ’ল যোৰহাটত । চন্দ্ৰযান ৩ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানে দক্ষিণ মেৰুত অৱস্থান কৰি ইতিহাস ৰচাৰ পিচত জাতীয় পতাকা হাতত লৈ দেশপ্ৰেমমূলক গীতৰ তালে তালে নৃত্য কৰি আনন্দ উল্লাস কৰা দেখা গ’ল যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত সমবেত হোৱা সকলো স্তৰৰ লোকে ।

আনহাতে গৌৰৱৰ বিষয় উক্ত চন্দ্ৰযানত অসমৰ দুই সন্তানে কাম কৰিছিল । মুঠৰ ওপৰত যোৰহাট জয় আই অসম আৰু বন্দে মাতৰম জয় ধ্বনিৰে মুখৰিত হৈ পৰিছে । ইতিহাসত লিপিৱদ্ধ হোৱা এই ক্ষণৰ সাক্ষী হ’বলৈ পুৱাৰে পৰা সকলো লোকৰ মাজত ব্যস্ততা দেখা পোৱা গৈছিল ।

উল্লেখ্য যে, যোৰহাট তাৰকা গৃহত এখন স্ক্ৰীণত চন্দ্ৰযান 3 য়ে পদাৰ্পণ কৰা সকলো দৃশ্য সম্প্ৰচাৰিত হৈছিল, সহ্ৰাধিক লোক তথা ছাত্ৰ-ছাত্রীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰি আছিল আৰু সফল হোৱাৰ লগে লগে সকলোৰে মাজত সীমাহীন উল্লাস দেখা পোৱা গ’ল । যোৰহাটৰ বিভিন্ন প্ৰান্তত আৱতৰীয়া দেৱালী উদযাপন কৰাও দেখা গ’ল ।

লগতে পঢ়ক : Chadrayaan 3: ইতিহাস ৰচিলে ভাৰতে; চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল অৱতৰণ চন্দ্ৰযান-3 ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.