জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন - জোনাইত বিধায়ক ভূৱন পেগু

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:23 PM IST

জোনাই, ১৩ ডিচেম্বৰ : অসমীয়াৰ আধ্যাত্মিক আবেগ স্বৰূপ গুৰুজনাৰ আদর্শেৰে ১৯৭২ তে অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাত প্ৰতিষ্ঠিত জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰে ৫০ বছৰত পদাৰ্পণ কৰিলে । তদুপলক্ষে বুধবাৰে শতাধিক ভকত-বৈষ্ণৱ,আই মাতৃৰ উপস্থিতিত জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তীৰ লাইখুঁটা জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ প্ৰাঙ্গণত স্থাপন কৰা হয় । সোণলী জয়ন্তীৰ লাইখুঁটা স্থাপন কৰে পৃষ্ঠপোষক তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ।  

এই লাইখুটা স্থাপন কৰি বিধায়ক ভূৱন পেগুৱে জোনাইৰ মাজমজিয়াত সোণালী জয়ন্তী গৰকা নামঘৰটোৰ উৎসৱ সফলভাৱে উদযাপন কৰিবলৈ জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ৷ এই অনুষ্ঠানটোত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, টাকাম মিচিং পৰিণ কৌবাঙৰ উপদেষ্টা ৰাজকুমাৰ মৰাং আদি উপস্থিত থাকে ৷ উল্লেখযোগ্য যে জোনাইবাসীৰ ভক্তপ্ৰাণ ৰাইজে অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে সোণালী জয়ন্তী উৎসৱ উদ্‌যাপনৰ বাবে প্ৰস্তুতি চলাইছে ৷

লগতে পঢ়ক :২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.