Magazine unveiled: সৰুপথাৰত ইতিহাস বাৰ্তা আলোচনী উন্মোচন - সৰুপথাৰত ইতিহাস বাৰ্তা আলোচনী উন্মোচন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:56 PM IST

সৰুপথাৰ,৩ ছেপ্টেম্বৰ: ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত দেওবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত উন্মোচন কৰা হয় ইতিহাসধৰ্মী-গৱেষণামূলক দুমহীয়া আলোচনী 'ইতিহাস বাৰ্তা'ৰ গোলাঘাট জিলাৰ বিশেষ সংখ্যা । উক্ত আলোচনীখন উন্মোচন কৰে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে ।  

ৰাষ্ট্ৰীয় মহাসচিবগৰাকীক সহযোগিতা আগবঢ়াই মিষ্টাৰ ইণ্ডিয়া খ্যাত বিজিত গগৈয়ে । লগতে এই সংখ্যাৰ অতিথি সম্পাদক হিচাপে উপস্থিত থাকে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত । "ইতিহাস বাৰ্তাই" ৰাষ্ট্ৰীয় ইতিহাসৰ বাগধাৰাত আঞ্চলিক ইতিহাসক গুৰুত্ব দি আহিছে । লগতে এই সমিতিয়ে অসমৰ প্ৰায় সকলো জিলাকে সামৰি একোখন আঞ্চলিক ইতিহাস সংকলনৰ প্ৰচেষ্টা লৈছে ।

বহুকেইজন প্ৰখ্যাত ব্যক্তিয়ে গোলাঘাট, দৈয়াং-ধনশিৰিৰ ইতিহাস সম্বন্ধে লিখনি আগবঢ়াই "ইতিহাস বাৰ্তা"ক সমৃদ্ধিশালী কৰিছে । ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ অতুলনীয় বৰঙণী আগবঢ়োৱা গোলাঘাটে নিজৰ আত্মপৰিচয়ৰ এক বাৰ্তা এই সংখ্যাটোৰ জৰিয়তে লাভ কৰিব ।

লগতে পঢ়ক: Krishnasura.com: অসমীয়া ৱেব চিৰিজৰ অভিলেখ ভংগ কৰিব নেকি কৃষ্ণচূড়া ডট কমে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.