thumbnail

Old man rescued from Bilaispara: বিলাসীপাৰাত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ এগৰাকী বৃদ্ধ

By

Published : Dec 16, 2022, 10:08 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত লুটাপাৰা গাঁৱত চাঞ্চল্যকৰ ঘটনা(Injured Old man rescued from Bilaispara) ৷ বাবাজী বিলৰ কাষত এগৰাকী বৃদ্ধক হাত-ভৰি বান্ধি পেলাই থৈ যায় কোনো দুৰ্বৃত্তই ৷ বৃদ্ধ লোকজন কোকৰাঝাৰ জিলাৰ বৰখাশ গাঁৱৰ জাহানউদ্দীন বুলি চিনাক্ত(Old man identified as Jahanuddin) ৷ বৃহস্পতিবাৰে নিশা জাহানউদ্দীনক বিলাসীপাৰাৰ বেলতলীৰ পৰা নুৰ হুছেইনসহিতে এটা 5জনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই লৈ আহি মুখ আৰু হাত-ভৰি বান্ধি সকলো সামগ্ৰী লুট কৰি পেলাই থৈ যোৱাৰ অভিযোগ ৷ স্থানীয় ৰাইজে শুকুৰবাৰে পুৱা জাহানউদ্দীনক উদ্ধাৰ কৰি খবৰ দিয়ে আৰক্ষীক ৷ গুৰুতৰভাৱে আহত অৱস্থাত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাণীগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.