গুৱাহাটী : দেশে-বিদেশে জোৰদাৰভাৱে চলিছে এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ অভিযান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশতো বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম-২.০ৰ বাবে আমন্ত্ৰণ কৰিছে । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলন । এই বিয়াগোম সন্মিলনৰ বাবে সাজু হৈছে অসম চৰকাৰ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বৃহৎ অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰ, বাণিজ্য প্ৰতিনিধি আৰু ভাৰতৰ তথা বিদেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতিসকলক আতিথ্য জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলি আছে । আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এডভাণ্টেজ আছাম ২.০ৰ ভূমি পূজন পৰ্ব সম্পন্ন কৰা হয় ।
মন্ত্ৰী বিমল বড়াই ভূমি পূজনৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত মুখ্য সচিব ড৹ ৰবি কোটাৰ লগতে কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । এডভাণ্টেজ আছামৰ জৰিয়তে অসমৰ অর্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰি ৰাজ্যৰ উদ্যমী যুৱ সমাজৰ বাবে নতুন পথ প্ৰশস্ত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই । তেওঁ কয় যে এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমৰ সামগ্ৰিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা হ'ব ।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বড়াই কয়, "আজি অসমৰ বাবে এটা সুন্দৰ পুৱা । অনাগত দিনত অসমৰ উন্নয়ন অধিক তৰাম্বিত কৰাৰ বাবে আৰু এটা খোজ দিলো । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আসাম ২.০ । এই সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতিয়ে অংশ গ্ৰহণ কৰিব । আনহাতে বিভিন্ন দেশৰ বহু কোম্পানী তথা উদ্যোগপতিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰিব । আমি ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, ভূটান আদি ইউৰোপীয় দেশক কাণ্ট্ৰি পাৰ্টনাৰ হিচাপে সহযোগিতা পাইছো । সন্মিলনত প্ৰায় তিনিশ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব । সন্মিলনত ১৬ টা ছেচন হ'ব আৰু এখন প্ৰদৰ্শনী হ'ব ।"
The #AdvantageAssam2 Summit held under the aegis of Hon’ble CM Dr. @himantabiswa dangoriya is set to transform the development of Assam as one of the premier investment destinations of the state, creating a #ViksitAsom that is a hub of innovation, and entrepreneurship development… pic.twitter.com/NggLVA3vqI
— Bimal Borah (@BimalBorah119) January 28, 2025
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বিমল বড়াই কয়, "কংগ্ৰেছৰ শাসনৰ সময়ত কি পৰিৱেশ আছিল, সেয়া অসমৰ ৰাইজে জানে । কংগ্ৰেছে এতিয়া যি মন যায় তাকে ক'ব । অসমৰ বাবে মুখ্যমন্ত্ৰী আৰু বেলেগ দেশত যাব । আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাব । তাত কংগ্ৰেছে আপত্তি কৰিছে । কংগ্ৰেছৰ মতে অসমৰ যুৱক-যুৱতীয়ে ছেমি কণ্ডাক্টৰৰ বিষয়ে জানিব নালাগে । আমাৰ চৰকাৰৰ দিনত নতুন নতুন চিন্তাৰ উদ্ভাৱন হ’ব ।’’
বড়াই কয়, ‘‘কংগ্ৰেছৰ দিনত ৮৫৫ জন শ্বহীদ হ’ল । বহু যুৱক-যুৱতী বিপথগামী হ’ল । কংগ্ৰেছৰ দিনত ধনৰ বিনিময়ত চাকৰিৰ লেনদেন কৰা দিনৰ কথা আমি ক’ব নালাগে । জাতীয়তাবাদ আমি বাণিজ্য ক্ষেত্ৰৰ মাজেৰে কৰিম । ১০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰি ২০০ নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যি বিনিয়োগ কৰিব তেওঁলোকক কাষ্টমাইজ পলিচিৰ মাজত ৰখা হ’ব । ৫০ হাজাৰ কোটি টকা কাষ্টমাইজ পলিচিত চুক্তি স্বাক্ষৰ কৰা হৈছে ।"
In a short while, I will be attending the Bhumi Pujan ceremony for the upcoming #AdvantageAssam2 Summit.
— Bimal Borah (@BimalBorah119) January 28, 2025
The initiative, under the visionary leadership of Hon’ble CM Dr. @himantabiswa dangoriya, aims to propel Assam into the next phase of transformational industrial growth by… pic.twitter.com/sQpiOlmWLY
নতুন প্ৰজন্মক বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছৰ প্ৰতি আহ্বান জনাই মন্ত্ৰী বিমল বড়াই কয়, "কংগ্ৰেছে ৮৫৫ জন শ্বহীদৰ আত্মা মুক্তিৰ বাবে কিবা কৰিব পাৰি নেকি তাক চিন্তা কৰক । যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান যে বাহিৰৰ বিনিয়োগকাৰী অসমত ভাল পৰিৱেশ থাকিলেহে বিনিয়োগ কৰিবলৈ আহিব ।"