Leopard Caged in Jorhat: যোৰহাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ; দেহত গুৰুতৰ আঘাতৰ চিন - Leopard Caged at Chenijan in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2023, 12:54 PM IST

যোৰহাট, 22 জুলাই : যোৰহাটৰ পূৱ প্ৰান্তৰ চেনীজান হাতীচুঙিত বিগত কেইবাদিন ধৰি নাহৰফুটুকীটোৱে একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি গৰু-ছাগলী, হাঁহ-কুকুৰা ভক্ষণ কৰি সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছিল ৷ চেনীজান বাসী ৰাইজে যোৰহাট জিলা বন বিভাগক অৱগত কৰাত বনবিভাগে 18 জুলাইত এই অঞ্চলত এটা পিঞ্জৰা স্থাপন কৰে আৰু শুকুৰবাৰে পুৱতি নিশা বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ৷

পিঞ্জৰাবদ্ধ নাহৰফুটুকীৰ দেহত গুৰুতৰ আঘাতৰ চিন স্পষ্ট ৷  পিঞ্জৰাবদ্ধ বাঘটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিবলৈ দিয়ে যোৰহাট আঞ্চলিক বন বিভাগে ৷ আঘাতপ্ৰাপ্ত বাঘটোক চিকিৎসাৰ বাবে কাজিৰঙাস্থিত পানবাৰী বন্যপ্ৰাণী শিৱিৰলৈ প্ৰেৰণ কৰা হ'ব বুলি বনবিভাগৰ এক বিভাগীয় সূত্ৰত প্ৰকাশ ৷

আনহাতে পিঞ্জৰাবদ্ধ হোৱাৰ পূৰ্বেই নাহৰফুটুকীৱে বিভিন্ন স্থানত বিচৰণ কৰি থকাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে বুলি বন বিভাগে মত প্ৰকাশ কৰে ৷ ইফালে একাংশ লোকৰ আক্ৰমণ বলি হ'ব লগা হোৱাৰ বাবেও নাহৰফুটুকীটো আঘাতপ্ৰাপ্ত হ'ব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Lightning storm kills farmer: বজ্ৰপাতত হাল বোৱা গৰুসহ কৃষকৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.