লখিমপুৰৰ শশী খাউণ্ড বৰালৈ ইণ্ডিয়ান নেচনেল এৱাৰ্ড - ইণ্ডিয়ান নেচনেল এৱাৰ্ড
🎬 Watch Now: Feature Video
Published : Dec 30, 2023, 9:37 PM IST
লখিমপুৰ, ৩০ ডিচেম্বৰ : লখিমপুৰৰ চিডি ৰোড নিবাসী শশী খাউণ্ড বৰাক প্ৰদান কৰা হৈছে ইণ্ডিয়ান নেচনেল এৱাৰ্ড । নৱী মুম্বাইৰ চাভা প্ৰতিষ্ঠানে তেওঁক এই এৱাৰ্ড প্ৰদান কৰে । ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ সুনিপুণ মাৰ্জিত আচৰণ আৰু অৱদানৰ বাবে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান তেওঁক প্ৰদান কৰা হয় । যোৱা ২২ ডিচেম্বৰত তেওঁক মুম্বাইত আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে ।
উল্লেখ্য যে, লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আছিল শশী খাউণ্ড বৰা । তেওঁ কৰ্মজীৱনৰ অৱসৰৰ পাচত ক্ৰীড়া ক্ষেত্ৰত জপিয়াই পৰে । অসমত তেওঁ প্ৰথমবাৰৰ বাবে মহিলা ক্ৰীড়া সংগঠন গঠন কৰিছিল । এই সংগঠনৰ জৰিয়তে মহিলাসকলক পাকঘৰৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ উলিয়াই আনি তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ সৃষ্টি কৰিছিল শশী খাউণ্ড বৰাই । কেৱল মহিলাসকলক উলিয়াই আনিয়েই তেওঁ শান্ত হোৱা নাছিল । নিজেও ক্ৰীড়া ক্ষেত্ৰত দপদপাই ফুৰিছিল ।
দেশে বিদেশে ক্ৰীড়াংগনত তেওঁ বহু প্ৰতিযোগীক চেৰ পেলাই আজুৰি আনিবলৈ সক্ষম হৈছে বহু সোণ-ৰূপৰ পদক । চীন, নেপাল, ডুবাই, শ্ৰীলংকা আদি বিভিন্ন দেশৰ ক্ৰীড়া ক্ষেত্ৰত চমক সৃষ্টি কৰি বিভিন্ন পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে ষাঠি উৰ্ধৰ শশী খাউণ্ড বৰাই । অসংখ্য বঁটা বাহন, মেডেল, ট্ৰফী, মানপত্ৰই নধৰা হৈছে তেওঁৰ বুলনি চ'ৰা । কৰ্মজীৱনৰ অৱসৰৰ পাচত সাধাৰণতে গৰিষ্ঠ সংখ্যক লোকেই মানসিক উদ্যম হেৰুৱাই পেলোৱাৰ বিপৰীতে শশী খাউণ্ড বৰা দুগুণে উজলি উঠিছে ।
বয়সৰ লেখ পাহৰি তেওঁ এগৰাকী তৰুণীৰ দৰে দপদপাই ফুৰিছে দেশ বিদেশৰ ক্ৰীড়াংগনত । দেশ বিদেশৰ প্ৰতিযোগীক পৰাভূত কৰি আঁজুৰি আনিছে সোণ ৰূপৰ পদক । তেওঁৰ এই দুৰ্দান্ত কৰ্মজীৱন এতিয়া সকলো মহিলাৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ।
লগতে পঢ়ক : ফেব্ৰুৱাৰীত হ’ব আলোচনা; বিজেপিৰ সৈতে বুজাবুজিৰে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত অগপ