Amrit Kalash Yatra: দৰঙৰ কলহ গুৱাহাটী অভিমুখে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:43 PM IST

মঙলদৈ, ২৫ অক্টোবৰ: বুধবাৰে দৰঙৰ পৰা গুৱাহাটী অভিমুখে অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই জিলাখনৰ পৰা গুৱাহাটীলৈ অমৃত কলহ লৈ যোৱা যাত্ৰাৰ সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভণি কৰে । জিলা উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু পৌৰসভাৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা আজি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অনা হয় । 

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা গীণিজ ৰেকৰ্ড সৃষ্টিকাৰী বিহু নৃত্যত অংশগ্ৰহণ কৰা বিহুৱা আৰু এন চি চি কেডেটৰ দল এটাৰ সৈতে এই কলহসমূহ এখন গাড়ীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হয়। 

দৰঙৰ পৰা গুৱাহাটীলৈ অমৃত কলহৰ এই যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা, ৩৭ এছ এছ বি বেটেলিয়নৰ বিষয়া-জোৱান, আৰক্ষীৰ লোক উপস্থিত আছিল ।

লগতে পঢ়ক: Opposition Unity Forum: আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.