ETV Bharat / state

প্ৰমোচন-ডিমোচন শব্দবিলাক বিজেপিৰ অভিধানত নাই : দিলীপ শইকীয়া - BJP NEW STATE PRESIDENT

বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমখন সংবাদমেলতেই কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ ।

BJP state president Dilip Saikias press conference
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 9:13 PM IST

গুৱাহাটী : "এই দায়িত্ব নিশ্চিতভাৱে সহজ দায়িত্ব নহয় । যথেষ্ট প্ৰত্যাহ্বানমূলক এই দায়িত্ব । প্ৰত্যাহ্বানক প্ৰত্যাহ্বান দিব পৰা শক্তি বিজেপিৰ আছে । অসমত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত এন ডি এৰ চৰকাৰ প্ৰতিষ্ঠা কৰাটো আমাৰ ৬৫ লাখ প্ৰাথমিক সদস্যৰ দৃঢ় সংকল্প।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ নৱ-নিযুক্ত সভাপতি দিলীপ শইকীয়াৰ । বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত শনিবাৰে প্ৰথমখন সংবাদমেল সম্বোধন কৰি দিলীপ শইকীয়াই এইদৰে কয়।

প্ৰমোচন-ডিমোচন বিজেপিৰ অভিধানত নাই :

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল (ETV Bharat Assam)

বাজপেয়ী ভৱনৰ নিজা কাৰ্য়ালয়ত সংবাদমেল সম্বোধন কৰি নৱ-নিযুক্ত ৰাজ্যিক সভাপতিগৰাকীয়ে কয়," বিজেপি পৰিয়ালত জ্য়েষ্ঠ-কনিষ্ঠ সকলোৱে মিলি পৰিয়ালটোৰ শ্ৰীবৃদ্ধিৰ বাবে সমান আশা-আকাংক্ষাৰে সংকল্প লৈ কাম কৰে । প্ৰমোচন-ডিমোচন আদি শব্দবিলাক বিজেপিৰ অভিধানত নাই । কাৰ্যকৰ্তাৰ যোগ্যতা আৰু পৰিস্থিতি-পৰিৱেশ সাপেক্ষে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই দলৰ অগণন কাৰ্যকৰ্তাৰ মনৰ ভাবক অগ্ৰাধিকাৰ দি উচিত আৰু উপযুক্ত তথা সময় উপযোগী সিদ্ধান্ত লয় ।"

কংগ্ৰেছৰ পৰিয়ালতন্ত্র আৰু স্বৈৰতন্ত্র তেজত আছে :

সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মই বিচাৰো যে অসমৰ উন্নয়নৰ হকে, অসমৰ ৩.৫০ কোটি ৰাইজৰ উত্তৰণৰ হকে সকলো ৰাজনৈতিক দলে কাম কৰক, ৰাইজৰ ওচৰত থাকক । মই ইমান বছৰৰ অভিজ্ঞতাৰ যোগেদি সংগঠনৰ পৰা এটা কথা শিকিছো যে কালেকটিভ লীডাৰশ্বিপ । আমি সেইটোৱে বিশ্বাস কৰো । সভাপতিজন সৰ্বোপৰি তথা সৰ্বেসৰ্বা নহয় । কংগ্ৰেছৰ পৰিয়ালতন্ত্র আৰু স্বৈৰতন্ত্র তেজত আছে । আমি তাৰ বিপৰীত । আমি ৰাইজৰ লগত আছো । আমাৰ জয় প্ৰতিজন কাৰ্যকৰ্তাৰ জয় । আনহাতে, ক'ৰবাত পিছ পৰিলে সেইটোও বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ পৰাজয় ।"

অসমক দেশৰ এখন অন্যতম উন্নত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগে বুলি মন্তব্য় কৰি দিলীপ শইকীয়াই কয়, "আমাৰ এই সংকল্পত আমাৰ মিত্রদলৰ এশ শতাংশ সমৰ্থন আৰু সহযোগিতা আছে । আমি এন ডি এ পৰিয়াল একেলগে আছো আৰু একেলগে থাকিম ।" সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ মহাভাৰতৰ প্ৰসংগৰে গীতাৰ আখ্যান দাঙি ধৰি কয়, "মানৱ আৰু দানৱৰ যুদ্ধত সদায় মানৱৰ জয় হৈছে । কাৰণ মানৱ জীৱশ্ৰেষ্ঠ । বিৰোধীৰ নেতিবাচক চিন্তাধাৰাক অসমৰ জনগণে প্ৰশ্ৰয় নিদিয়ে । অসমৰ ৰাইজে উন্নয়ন, শান্তি-প্ৰগতি বিচাৰে । ইয়াৰ নেতৃত্ব দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।"

লগতে পঢ়ক:প্ৰতিটো নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ অংগীকাৰ দিলীপ শইকীয়াৰ - BJP NEW STATE PRESIDENT

'২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব দিলীপ শইকীয়াই - BJP NEW STATE PRESIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.