Seed business without licensed: অনুজ্ঞাপত্ৰবিহীনভাৱেই মুকালমুৱাৰ সাপ্তাহিক বজাৰত চলিছে বীজৰ ব্য়ৱসায়

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:18 PM IST

thumbnail

নলবাৰী, ২৭ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাত অনুজ্ঞাপত্ৰ নথকা বীজ ভাণ্ডাৰৰ ব্য়ৱসায়ীয়ে মুক্তভাৱে চলাই আছে ব্যৱসায় । এতিয়া অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়ীৰে ভৰি পৰিছে নলবাৰী জিলাৰ মুকালমুৱাৰ সাপ্তাহিক বজাৰ । এই সমূহ অনুজ্ঞাপত্ৰ নথকা বীজ ভাণ্ডাৰৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অনুজ্ঞাপত্ৰ থকা স্থানীয় বীজ ভাণ্ডাৰৰ ব্যৱসায়ীসকল ।  

স্থানীয় বীজ ভাণ্ডাৰৰ ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰি কয় যে নলবাৰী জিলাৰ বাহিৰৰ একাংশ ব্যৱসায়ীয়ে নীতি বহিৰ্ভূতভাৱে মুকালমুৱাৰ বজাৰত ব্যৱসায় কৰি আছে । অনুজ্ঞাপত্ৰ নথকা বীজ ভাণ্ডাৰৰ ব্যৱসায়ীসকল আৰু অন্য জিলাৰ পৰা অহা বীজ ভাণ্ডাৰ ব্যৱসায়ীসকলে মুকালমুৱাৰ সাপ্তাহিক বজাৰত মুকলিকৈ ব্যৱসায় চলাই থকাৰ পিছতো নলবাৰী জিলা কৃষি বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । এনে অবৈধ বীজ ভাণ্ডাৰৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে তদন্ত কৰিবলৈ কৃষি বিভাগক দাবী জনাইছে পঞ্জীয়ন থকা স্থানীয় বীজ ভাণ্ডাৰৰ ব্যৱসায়ীসকলে ।

লগতে পঢ়ক: Two fractions engaged in scuffle:ভলুকা বাঁহেৰে দুই দলৰ মাজত মাৰপিট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.