জলপথেৰে অভিনৱ কৌশলেৰে চোৰাং কাঠ সৰবৰাহ, জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - Smuggled timber by waterway in Cachar

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:18 PM IST

Updated : Dec 23, 2023, 2:27 PM IST

শিলচৰ,২৩ ডিচেম্বৰ: কাছাৰৰ জিৰিঘাট ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা বিভিন্ন সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ ৷ জিৰিঘাট ৰেঞ্জৰ একাংশ বিষয়া-কৰ্মীক মেনেজ কৰি সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছ-গছনি কাটি প্ৰতিদিনেই জলপথেৰে অভিনৱ কৌশলেৰে সৰবৰাহ কৰিছে বনদুস্যৱে । এই বাতৰি যোৱা দুদিন পূৰ্বে বিভিন্ন সংবাদমাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পাছতে তৎপৰ হৈছে বন বিভাগ । বাতৰিৰ সম্প্ৰচাৰৰ পাছত সংৰক্ষিত বনাঞ্চলত অভিযানত নামিল জিৰিঘাট ৰেঞ্জৰ বনকৰ্মীসকল ।  

অভিযান কালত বনবিভাগৰ দলে সংৰক্ষিত বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । সংৰক্ষিত বনাঞ্চলৰ গছ কাটি চোৰাং কাঠসমূহ নৈ পথেৰে লৈ যোৱাৰ উদ্দেশ্যে মজুত কৰি ৰখা সময়তে জব্দ কৰে কাঠখিনি ।  বন বিভাগৰ দলে প্ৰায় 600 CFT কাঠ জব্দ কৰিবলৈ সক্ষম হয় উক্ত অভিযান কালত । যাৰ বজাৰ মূল্য আনুমানিক পাঁচ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

Last Updated : Dec 23, 2023, 2:27 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.