thumbnail

AHSEC Result 2023 : বাণিজ্য শাখাত দ্বিতীয় স্থান হোজাইৰ ঝিলিক শীলৰ

By

Published : Jun 6, 2023, 2:19 PM IST

হোজাই, ৬ জুন : অপেক্ষাৰ অন্তত মঙলবাৰে ঘোষণা হয় উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (AHSEC result 2023 declared) । ঘোষিত ফলাফল অনুযায়ী বিজ্ঞান শাখাত শীৰ্ষ ১০টা স্থানত জিলিকিছে মুঠ ১৬ গৰাকী শিক্ষাৰ্থী । আনহাতে, কলা শাখাৰ শীৰ্ষ ১০ স্থান দখল কৰিছে ১৪ গৰাকী শিক্ষাৰ্থীয়ে (HS commerce result 2023 declared) । একেদৰে বাণিজ্য শাখাৰো শীৰ্ষ ১০ স্থানত ১৪ গৰাকী শিক্ষাৰ্থী উজলিছে ।

আনহাতে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ ফলাফলত জিলিকিছে হোজাইৰ এগৰাকী শিক্ষাৰ্থী । উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে হোজাইৰ শিক্ষাৰ্থীগৰাকীয়ে (HS 2023 result commerce rank holders) । সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে হোজাইৰ ঝিলিক শীলে ।

ঝিলিক হৈছে হোজাই শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী কলেজৰ ছাত্ৰী । সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭১ নম্বৰ লাভ কৰি হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিছে ঝিলিকে । আনহাতে, শিক্ষাৰ্থীগৰাকীৰ ফলাফলত উৎফুল্লিত কলেজ তথা হোজাইবাসী ।

লগতে পঢ়ক :HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.