Hair Care Tips: এইবাৰ দুৰ্গাপূজাত ঘৰুৱাভাৱে কেনেদৰে ল'ব চুলিৰ যতন ? - আমি কেনেকৈ চুলি সৰা বন্ধ কৰিব পাৰো
🎬 Watch Now: Feature Video


Published : Oct 11, 2023, 4:00 PM IST
গুৱাহাটী, 11 অক্টোবৰ: শাৰদীয় দুৰ্গাপূজা সমাগত । মাজত মাথোঁ কেইটামান দিন বাকী । দুৰ্গাপূজাৰ সময়ছোৱাত আপোনাৰ চুলিকোছাৰ কেনেদৰে যতন ল'ব । এই সম্পৰ্কে ই টিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কি ক’লে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই জানো আহক ।
মা দূর্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ শাৰদীয় দুৰ্গোৎসৱৰ এই সময়ছোৱাত সকলোৱে নিজকে আকৰ্ষণীয় দেখাব বিচাৰে ৷ ইয়াৰ বাবে আপুনি ঘৰুৱাভাৱে ভিন্ন ধৰণে আপোনাৰ চুলি আৰু ছালৰ যতন ল'ব পাৰে ৷ ঘৰুৱাভাৱে এবিধ তেল প্ৰস্তুত কৰিও এই সময়ছোৱাত আপোনাৰ চুলিৰ যতন ল'ব পাৰে ৷ ইয়াৰ বাবে আপোনাক লাগিব ১০টা মান কেঁচা আমলখি, ১০টা কেঁচা শিলিখা, যিহেতু এই সময়ছোৱাত কেঁচা আমলখি, কেঁচা শিলিখা আদি বহু পৰিমাণে পোৱা যায় ৷ লগতেই আপোনাক প্ৰয়োজন হ’ব এমুঠি নিমপাত আৰু নৰসিংহ পাত ৷
এই আটাইকেইবিধ সামগ্রী ভালদৰে ধুই, সামান্য শুকুৱাই ল'ব ৷ তাৰ পিছত নাৰিকলৰ তেলত এই আটাইবোৰ সামগ্রী দি ২০ মিনিট সময় ভালদৰে ভাজি ল'ব ৷ ঠাণ্ডা হোৱাৰ পিছত ভালদৰে তেলখিনি চেকি এটা বটলত ভালদৰে ভৰাই ৰাখিব ৷ এই তেলখিনি প্ৰতি সপ্তাহত দুবাৰকৈ চুলিৰ গুৰিত ভালদৰে লগাব ৷ এনেদৰে এঘণ্টা ৰখাৰ পিছত ভালদৰে মূৰটো ধুই ল’ব ৷ এনেদৰে লগালে চুলিসৰা সমস্যা, চুলি পকা আদি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব ৷
বৰ্তমান সময়ত বহু লোকৰে কম সময়তে চুলি পকা দেখা যায় ৷ সেয়ে ওপৰত উল্লেখিত টিপছসমূহৰ দ্বাৰা আপুনি যতন ল’লে চুলি পকাৰ সমস্যা ৰোধ কৰিব পৰা যাব ৷
লগতে পঢ়ক: Health Tips: পেটৰ সৈতে জড়িত যিকোনো সমস্যাৰ পৰা সকাহ দিব এইবিধ মছলাই