Conjunctivitis:জোনাইবাসীক চকু ৰোগৰ সাৱধানতা লোৱাৰ আহ্বান মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰ কান্ত মিলিৰ - চশমা পৰিধান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2023, 10:58 PM IST

জোনাই, ৯ আগষ্ট : জোনাইত সম্প্ৰতি ব্যাপক হাৰত চকু ৰোগৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । জনসাধাৰণ এতিয়া শংকিত হৈ পৰিছে কঞ্জাক্টিভাইটিছ (Conjunctivitis)ক লৈ ৷ Conjunctivitis নামৰ এই চকু ৰোগৰ ভাইৰাছটোৱে জোনাইৰ বিভিন্ন প্ৰান্তত অধিক ৰূপত চানি ধৰা দেখা গৈছে । এই ৰোগত আক্ৰান্ত ৰোগীৰ চকুৰ খজুৱতি হোৱাৰ লগতে চকুৰে পানী ওলোৱা, চকুৰ পটা ফুলি উঠা, চকু ৰঙা পৰা, চকুৰ খচখচনি হোৱা, ৰ’দলৈ চাব নোৱাৰা, বেছি পোহৰ সহিব নোৱাৰাকে আদিকে ধৰি অসংখ্য লক্ষণে দেখা দিয়ে ৷

এনে ভাইৰাছৰ আক্ৰান্ত হোৱা সকলে ক’লা চশমা পিন্ধাৰ লগতে কাষত থকা লোকসকলেও চশমা পৰিধান কৰা দৰকাৰ । ইয়াৰ উপৰি সহজতেই বিয়পিব পৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে সুস্থ সকলেও চশমা পৰিধান কৰাটো উচিত বুলি জোনাই মহকুমা স্বাস্থ্য বিভাগৰ লোকে অৱগত কৰিছে ৷ সকলোকে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰ কান্ত মিলিয়ে ৷

লগতে পঢ়ক : Health awareness programme in Dhemaji:ধেমাজিৰ বানপীড়িত অঞ্চলত স্বাস্থ্য বিভাগৰ বিশেষ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.