Karam Festival Celebrated: টিংখাঙত উলহ‌-মালহেৰে পৱিত্ৰ কৰম পূজা উদযাপন - টিংখাঙত উলহ‌ মালহেৰে পৱিত্ৰ কৰম উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:39 PM IST

টিংখাং,১৬ ছেপ্টেম্বৰ: কৰম পূজা, চাহ জনগোষ্ঠীয় লোকসকলৰ অন্যতম এক পৱিত্ৰ অনুষ্ঠান । এই কৰম সন্মিলনতে মাদলৰ লগতে শুনা গ'ল ঢোল-তালৰ মাত । দেখা গ'ল অসমীয়াৰ হেঁপাহৰ বিহু, নেপালী নৃত্যকে ধৰি ভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰ । যি সময়ত চৌদিশে‌ কৰম পূজাক লৈ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে তেনে সময়তে টিংখাঙত দেখা গ'ল অসমীয়া বৰ্ণিল সংস্কৃতিৰ এক অপূৰ্ব সমাহাৰ ।  

টিংখাঙত শনিবাৰে বাঁহনি গাঁওবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপনস্থলীত সকলো ভাষা-ভাষীৰ লোকসকলক একাকাৰ হৈ পৰা দেখা যায় । দিনজোৰা কাৰ্যসূচীৰ মাজতে জাতি-বৰ্ণ ভাষা নিৰ্বিশেষে সকলো‌‌ সামৰি উলিওৱা বাৰেৰহনীয়া শোভাযাত্ৰাত সম্প্ৰীতিৰ এক নিদৰ্শন দেখিবলৈ পোৱা যায় । শোভাযাত্ৰাত উলিওৱা ঝুমুৰ, বিহু আদি নৃত্যত সমগ্ৰ পৰিৱেশ মুখৰিত হৈ পৰা দেখা যায় । 

লগতে পঢ়ক: Central Karam Sammelan at Tingkhang:টিংখাঙত কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.