thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:31 PM IST

ETV Bharat / Videos

Money demand : ডেম্পৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত হিন্দুত্ববাদী সংগঠনৰ নেতা

গুৱাহাটী, ৩১ আগষ্ট : ইজী মানী ঘটাত নামি পৰিছে একাংশ নতুন প্ৰজন্মৰ যুৱক যুৱতী। এটা হিন্দুত্ববাদী সংগঠনৰ নামত গুৱাহাটীৰ এখন ডেম্পৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন হিন্দুত্ববাদী যুৱ নেতা। অবশ্যে আন তিনিজন অপৰাধী আৰক্ষীৰ চকুত ধূলি ছটিয়াই পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা যুৱ নেতাজন বিদ্যুৎ চৌধুৰী বুলি জানিব পৰা গৈছে । 

জানিব পৰা মতে মহানগৰীৰ পানীখাইতি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ জামে মছজিদৰ সমীপৰ আলী ডেম্পত চাৰিজন যুৱক আহি নিজকে হিন্দুত্ববাদী সংগঠনৰ নেতা বুলি পৰিচয় দি ডেম্পৰ গৰাকীৰ পৰা পাঁচ হাজাৰ টকা দাবী কৰে। ডেম্পৰ গৰাকীয়ে পাঁচ হাজাৰ টকা দিবলৈ অমান্তি হোৱাত উদণ্ড যুৱকৰ দলটোৱে সংবাদ মাধ্যমৰ লোকক বাতৰি থকা বুলি কৈ ঘটনাস্থলীলৈ মাতি আনে। 

সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুই পক্ষক সোধা পোছা কৰাত উৰহী গছৰ উৰ ওলাই পৰে। আচলতে সংবাদ মাধ্যমক ব্যবহাৰ কৰি হিন্দুত্ববাদী সংগঠনৰ নেতা কেইজনে ধন ঘটাৰ প্ৰয়াস কৰা বুলি নিশ্চিত তথ্য লাভ কৰে সাংবাদিকসকলে। ঘটনা সন্দৰ্ভত সাংবাদিকৰ দলটোৱে পানীখাইতী আৰক্ষী চকীত খবৰ দিয়ে। 

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতে লোটে এজন যুৱকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত বিদ্যুৎ চক্ৰৱৰ্তীক গাড়ীত উঠাই অনাৰ সময়তে অন কেমেৰা অভিযুক্তটোৱে গাড়ীৰ ভিতৰৰ পৰা পলাই যোৱাৰ চেষ্টা চলায়। পিচত আৰক্ষীয়ে খেদি খেদি অভিযুক্তটোক আটক কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: GP Singh tweet: অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ; বিৰোধী নেতাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.