Flood effect in Nalbari: মৰাপাগলাদিয়াৰ বানৰ কবলত নলবাৰী, কৃষকৰ হাহাকাৰ - বানৰ কবলত পৰিছে কেইবাখনো জিলা
🎬 Watch Now: Feature Video
Published : Aug 28, 2023, 2:09 PM IST
নলবাৰী, 28 আগষ্ট: বিগত এসপ্তাহ ধৰি ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তৃতীয়টো বানৰ কবলত পৰিছে কেইবাখনো জিলা । নলবাৰী জিলাৰ টিহু মহকুমাত তৃতীয়টো বানে সংহাৰ চলাই প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল । প্ৰবল বৃষ্টিপাতৰ ফলত মৰাপাগলাদিয়াৰ পানী ওফন্দি উঠাত টিহুত ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী ।
বানৰ কবলত পৰিছে টিহু মহকুমাৰ উত্তৰ বালিকে ধৰি বহু বিস্তীৰ্ণ অঞ্চল । যাৰ ফলত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে টিহুত । মৰাপাগলাদিয়াৰ বানত টিহুৰ খেতিপথাৰ পৰ্যন্ত এতিয়া পানীৰ তলত । শালি ধানৰ খেতি ঠন ধৰি উঠাৰ সময়তে তৃতীয়টো বানে সংহাৰ চলোৱাত এতিয়া কৃষকসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । খেতিপথাৰৰ সমান্তৰালকৈ পশুধনসমূহ ৰখাৰ বাবেও নিৰাপদ ঠাই বিচাৰি হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে বন্যাৰ্তৰ মাজত ।
আক্ষেপজনক বিষয় যে, স্থানীয় জনপ্ৰতিনিধিয়ে বৰ্তমানো খবৰ ল’বলৈ উপস্থিত হোৱা নাই উক্ত অঞ্চলসমূহত । উল্লেখযোগ্য যে, প্ৰতিবছৰে বাৰিষাৰ ছমাহ বানত ককবকাই থাকে টিহুৰ বহু কেইখন গাঁও । জলসম্পদ বিভাগে মথাউৰিসমূহ আধাতে নিৰ্মাণকাৰ্য সামৰি থোৱাৰ লগতে খৰালি কালত মথাউৰি আৰু কৃষি বান্ধসমূহ নিৰ্মাণ নকৰাত বছৰ বছৰ ধৰি বানৰ কবলত পৰে টিহুৰ বহু কেইখন কৃষিজীৱি গাঁও ।
লগতে পঢ়ক: Flood in Assam: নাৰায়ণপুৰত ভদীয়া বানৰ তাণ্ডৱ, প্ৰৱল সোঁতে ছিঙিলে গুৰুত্বপূৰ্ণ পথ