Jonai news :'গুৰবান'ৰ চতুৰ্থ সংখ্যা বাৰ্তালোচনী উন্মোচন - Gurban Magazine in Jonai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 10, 2023, 4:41 PM IST

জোনাই,10 আগষ্ট: সাহিত্যৰ জৰিয়তে সমাজৰ বিকাশ আৰু মিচিং ভাষা যাতে প্ৰসাৰতা লাভ কৰে তাৰ বাবে প্ৰকাশ কৰি আছে ‘গুৰবান’ নামৰ আলোচনী ৷ মিচিং ভাষা জনপ্ৰিয় কৰা আৰু মিচিং ভাষাৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহ দিয়াৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল ‘গুৰবান’ আলোচনী ৷ বৃহস্পতিবাৰে জোনাই ঙাচাৰছুকত গুৰবান সাহিত্য গোষ্ঠীৰ মিচিং-অসমীয়া ভাষাৰ দুমহীয়া বাৰ্তা আলোচনী ’গুৰবান’ (GURBAN)ৰ চতুৰ্থ সংখ্যক আলোচনী উন্মোচন কৰা হয় ৷  

জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৰ দ্বাৰা উন্মোচন কৰা হয় আলোচনীখন । উক্ত অনুষ্ঠানত আলোচনীখনৰ মুখ্য সম্পাদক মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, লেখক তথা আলোচনীখনৰ সম্পাদক বিজয় বৰি, প্ৰকাশক ,লেখক তথা জেষ্ঠ সাংবাদিক ৰয়েল পেগু, মুৰ্কংচেলেক টাউন হাইস্কুলৰ প্ৰধান শিক্ষক বন্ধুৰাম চুংক্ৰাং, টিএমপিকে নেতা নিত্যা পেগু, বিধান মিলি, সাংবাদিক প্ৰাণজিৎ দলেৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক:Health awareness programme in Dhemaji:ধেমাজিৰ বানপীড়িত অঞ্চলত স্বাস্থ্য বিভাগৰ বিশেষ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.