ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:53 PM IST

thumbnail

তিনিচুকীয়া, ২২ নৱেম্বৰ : বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হয় এক গ্ৰেণেড নিক্ষেপৰ ঘটনা ৷ ডিৰাক কপাহতলীত ভাৰতীয় সেনা বাহিনীৰ শিবিৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হয় গ্ৰেণেডটো ৷

সন্ধিয়া প্ৰায় ৭ বজাত মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই গ্ৰেণেডটো নিক্ষেপ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি এখন মটৰ চাইকেল পাৰ হৈ যোৱা শব্দ শুনাৰ পাচতেই বিকৎ শব্দৰে গ্ৰেণেডটো বিস্ফোৰিত হয় ৷ সৌভাগ্যক্ৰমে সেনা বাহিনীৰ শিবিৰৰ কাষত পৰি বিস্ফোৰিত হয় গ্ৰেণেডটো ৷ গ্ৰেনেডটো বিস্ফোৰণ হয় যদিও হতাহত হোৱা নাই কোনো লোক ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলে সমগ্ৰ অঞ্চলটোত৷ সেনা বাহিনীৰ চাউনিলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপৰ ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : ছত্তীশগড়-ওড়িশা সীমান্তত উদ্ধাৰ ৬টা আই ই ডি; নক্সালবাদীৰ বৃহৎ কূটাঘাতৰ পৰা কথমপি ৰক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.