thumbnail

By

Published : Sep 11, 2022, 10:07 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

কৰিমগঞ্জত জঘন্য ঘটনা : ধৰ্ষণ কৰি হত্যা যুৱতীক !

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ তিনোখালত চাঞ্চল্যকৰ ঘটনা । খেতিপথাৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ (Body of a girl recovered)। যুৱতীগৰাকী কচুৱাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে । শনিবাৰে সন্ধিয়া ফুৰিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল যুৱতীগৰাকী । যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ কৰিছে স্থানীয় লোক তথা পৰিয়ালৰ লোকে । ইফালে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে পাথাৰকান্দি আৰক্ষীয়ে (Girl allegedly rape and murder in Karimganj)। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । যুৱতীগৰাকীৰ মৃতদেহত আঘাতৰ দাগ স্পষ্ট । যাৰ বাবে আৰক্ষীয়েও প্ৰাথমিক তদন্তত এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.