Free health check-up camp: টীয়কত বিনামূলীয়া চকু পৰীক্ষা আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ
টীয়ক,২৩ এপ্ৰিল: টীয়ক আৰক্ষী থানাৰ চৌহদত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ (Free health check-up camp) । যোৰহাট আই কেয়াৰ ফাউণ্ডেশ্যন, টীয়ক থানাৰ অন্তৰ্গত টীয়ক থানা সমিতিৰ উদ্যোগত চাইন প্লাছ, লাহদৈগড়, বামুণপুখুৰী, চেলেং আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনী আৰু পি এণ্ড হেলথ কেয়াৰৰ সহযোগত অনুষ্ঠিত কৰা হয় এই শিবিৰৰ (Free eye check-up and pediatric check-up camp in Teok) ।
টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাঙে শুভাৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰা হয়(Jorhat Eye Care Foundation) । লগতে বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ, চচমা আদি প্ৰদান কৰা হয় । উল্লেখযোগ্য প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সম্বন্ধ আৰু অধিক সুচল কৰাৰ স্বাৰ্থতে এই স্বাস্থ্য পৰীক্ষা শিবিৰটো অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং